
নগাঁও, ১৬ জানুৱাৰী (হি.স.)। চামগুৰিত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত মৃত্যু হয় এজন লোকৰ। দুৰ্ঘটনাত দুজন বাইক আৰোহী প্ৰথমতে গুৰুতৰভাৱে আহয় আৰু দুয়োকে সংকটত জনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় পিছত আদবাটতে মৃত্যু হয় এজন আহত বাইক আৰোহীৰ। চামগুৰি আৰক্ষী থানাৰ সন্মুখত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা।
জানিব পৰা অনুসৰি চামগুৰি আৰক্ষী থানাৰ সন্মুখত এখন বাইকে ইউ টাৰ্ণ লবলৈ খোজোতেে নগাঁও টাউন অভিমুখী এখন চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয়। এ এছ ০২ এন ২২৫৯ নম্বৰৰ মটৰচাইকেল খনক এ এছ ০২ এছ ২১৪৩ নম্বৰৰ ইয়ন বাহনে খুন্দা মৰাত মটৰচাইকেল আৰোহী দুজনৰ ভিতৰত চিকিৎসালয়লৈ লৈ যোৱাৰ পথতে মৃত্যু হয় ৰত্নেশ্বৰ বৰা নামৰ লোক জনৰ। অন্য জন মটৰচাইকেল আৰোহী গেৰুৱা মুখৰ গোলাপ বৰা বৰ্তমানেও চিকিৎসাধীন অৱস্থাত আছে। ঘটনা সংঘটিত হোৱাৰ পিছতে ইয়ন খনৰ চালক জনে চামগুৰি আৰক্ষী থানাত আত্মসমৰ্পণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ