প্ৰধানমন্ত্ৰী মোদীৰ ১৮ জানুৱাৰীত কলিয়াবৰত ৰাজহুৱা সভা, কাজিৰঙা এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন
নগাঁও , ১৬ জানুৱাৰী (হি.স.): প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৮ জানুৱাৰীত কলিয়াবৰৰ মৌচান্দা খেলপথাৰত এখন ৰাজহুৱা সভাত ভাষণ দিব । এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ বাবে এক গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্প বুলি বিবেচিত কাজিৰঙা এলিভেটেড কৰিডৰ প
pm modi


নগাঁও , ১৬ জানুৱাৰী (হি.স.): প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৮ জানুৱাৰীত কলিয়াবৰৰ মৌচান্দা খেলপথাৰত এখন ৰাজহুৱা সভাত ভাষণ দিব । এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ বাবে এক গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্প বুলি বিবেচিত কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব।

অসম ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি দিলীপ শইকীয়াই সভাস্থলী পৰিদৰ্শন কৰে। তেওঁ সভাস্থলীত ব্যৱস্থাসমূহ পৰ্যালোচনা কৰি সংশ্লিষ্ট বিষয়া আৰু দলীয় কৰ্মীসকলৰ সৈতে নিৰাপত্তা আৰু অন্যান্য প্ৰয়োজনীয় ব্যৱস্থাৰ বিষয়ে আলোচনা কৰে।

কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰকল্পই যাতায়তৰ প্ৰবাহ সুশৃংখলিত কৰাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী সংৰক্ষণত অৰিহণা যোগাব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ ৰাজহুৱা সভাত বৃহৎ সংখ্যক লোক উপস্থিত হোৱাৰ সম্ভাৱনা আছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande