ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ১০০৮ কুণ্ড হনুমান মহাযজ্ঞত অংশগ্ৰহণ
জগদ্গুৰু স্বামী ৰামভদ্ৰাচাৰ্য মহাৰাজৰ উপস্থিতিত হৱনৰ পূৰ্ণাহুতি জয়পুৰ, ১৬ জানুৱাৰী (হি.স.)। শুকুৰবাৰে দিনজোৰা ভ্ৰমণসূচীৰে জয়পুৰত উপস্থিত হয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। ছিকাৰ ৰোডৰ নিন্দ্ৰাদত ১০০৮ কুণ্ড হনুমান মহাযজ্ঞ আৰু শ্ৰী ৰাম কথাত অংশ লৈছিল ম
यज्ञ की पूर्णाहुति देती हुईं राष्ट्रपति द्रौपदी मुर्मु, साथ में राजस्थान के मुख्यमंत्री भजनलाल शर्मा ।


यज्ञ की पूर्णाहुति देती हुईं राष्ट्रपति द्रौपदी मुर्मु, साथ में राजस्थान के मुख्यमंत्री भजनलाल शर्मा एवं राज्यपाल हरिभाऊ बागड़े।


জগদ্গুৰু স্বামী ৰামভদ্ৰাচাৰ্য মহাৰাজৰ উপস্থিতিত হৱনৰ পূৰ্ণাহুতি

জয়পুৰ, ১৬ জানুৱাৰী (হি.স.)। শুকুৰবাৰে দিনজোৰা ভ্ৰমণসূচীৰে জয়পুৰত উপস্থিত হয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। ছিকাৰ ৰোডৰ নিন্দ্ৰাদত ১০০৮ কুণ্ড হনুমান মহাযজ্ঞ আৰু শ্ৰী ৰাম কথাত অংশ লৈছিল মুৰ্মুয়ে। জগদগুৰু স্বামী ৰামভদ্ৰাচাৰ্য মহাৰাজৰ উপস্থিতিত মন্ত্ৰ জপ কৰি বিশ্ব কল্যাণৰ বাবে হৱনৰ পূৰ্ণাহুতি দিয়ে। ৰাজ্যপাল হৰিভৌ বাগডে আৰু মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাও উপস্থিত থাকে।

মহাযজ্ঞত পূজা কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে দেশ তথা ৰাজ্যৰ সমৃদ্ধি আৰু মংগলৰ বাবে প্ৰাৰ্থনা কৰে। ইয়াৰ পিছতে ৰাষ্ট্ৰপতি, ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীয়ে যজ্ঞ হল প্ৰদক্ষিণ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে জগদগুৰু ৰামভদ্ৰাচাৰ্যক সাক্ষাৎ কৰি সম্ভাষণ জনায়।

ইয়াৰ পূৰ্বে জয়পুৰ বিমানবন্দৰত ৰাষ্ট্ৰপতি উপস্থিত হোৱাৰ লগে লগে মুখ্যমন্ত্ৰীয়ে তেওঁক ফুলৰ থোপা দি আদৰণি জনায়। এই সময়ত উপ-মুখ্যমন্ত্ৰী দিয়া কুমাৰী, ডাঃ প্ৰেমচান্দ বাইৰৱা, সাংসদ মদন ৰাথোদ, মুখ্য সচিব ভি শ্ৰীনিবাস, আৰক্ষী সঞ্চালক প্ৰধান ৰাজীৱ কুমাৰ শৰ্মা,কে ধৰি অন্যান্য উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande