মিনেছ’টাত হ’ব পাৰে আমেৰিকাৰ সেনা মোতায়েন, বিদ্ৰোহ আইন অনুসৰি ব্যৱস্থা গ্ৰহণৰ ভাবুকি ট্ৰাম্পৰ
ৱাশ্বিংটন, ১৬ জানুৱাৰী (হি.স.)। মিনেছ’টাৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আমেৰিকাই সেনাবাহিনী নিয়োগ কৰিব পাৰে। এই পদক্ষেপৰ বাবে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বিদ্ৰোহ আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ দিছে। শেহতীয়াকৈ সংঘটিত হোৱা গুলীচালনাৰ পিছত প্ৰতি
2141a1de7d6c7d4dde5d8f66b4fa3952_628416839.jpg


ৱাশ্বিংটন, ১৬ জানুৱাৰী (হি.স.)। মিনেছ’টাৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আমেৰিকাই সেনাবাহিনী নিয়োগ কৰিব পাৰে। এই পদক্ষেপৰ বাবে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বিদ্ৰোহ আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ দিছে। শেহতীয়াকৈ সংঘটিত হোৱা গুলীচালনাৰ পিছত প্ৰতিবাদৰ বাবে মিনেছ’টাৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে।

চিবিএছ নিউজৰ এক প্ৰতিবেদন অনুসৰি বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ট্ৰাম্পে বিদ্ৰোহ আইন প্ৰয়োগ কৰাৰ ভাবুকি দিছিল। এই কাৰ্য্যই তেওঁক প্ৰতিবাদ আৰু অন্যান্য ধৰণৰ হিংসাৰ সৈতে মোকাবিলা কৰাৰ ক্ষমতা প্ৰদান কৰে। আমেৰিকাৰ ইমিগ্ৰেচন আৰু কাষ্টমছ এনফৰ্চমেণ্টৰ এজেণ্টে এজন লোকক গুলীয়াই হত্যা কৰাৰ পিছতে ক্ষুব্ধ হৈ পৰিছে মিনেছ’টাত। আমেৰিকা, বিশেষকৈ ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। ইমিগ্ৰেচন এণ্ড কাষ্টমছ এনফৰ্চমেণ্ট (ICE) হৈছে আমেৰিকাৰ গৃহ নিৰাপত্তা বিভাগৰ এটা ফেডাৰেল সংস্থা। ইয়াৰ কাম হৈছে দেশৰ সীমান্তত সতৰ্কতা বজাই ৰাখি অনুপ্ৰৱেশ আইন বলবৎ কৰা।

ট্ৰাম্পে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কয় যে যদিহে মিনেছ’টাৰ দুৰ্নীতিগ্ৰস্ত ৰাজনীতিবিদসকলে আইন মানি নচলে আৰু প্ৰতিবাদকাৰীক আইচিইৰ দেশপ্ৰেমিকক আক্ৰমণ কৰাত বাধা নিদিয়ে তেন্তে মই বিদ্ৰোহ আইন প্ৰয়োগ কৰিম। মিনেছ’টাৰ গৱৰ্ণৰ টিম ৱালজে কয় যে তেওঁ বৃহস্পতিবাৰে ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰাৰ চেষ্টা কৰিছিল। ইফালে, বুধবাৰে নিশা উত্তৰ মিনিয়াপলিছত আইচিইৰ এজন বিষয়াই ভেনিজুৱেলাৰ এজন নাগৰিকৰ ভৰিত গুলীচালনা কৰা বুলি জানিব পৰা গৈছে।

ইয়াৰ উপৰিও বুধবাৰে পুৱা এজন ন্যায়াধীশে মিনেছ’টাত আইচিইৰ কাৰ্য্যকলাপৰ বিৰুদ্ধে অস্থায়ীভাৱে স্থগিতাদেশৰ নিৰ্দেশ দিবলৈ অস্বীকাৰ কৰে। আমেৰিকাৰ গৃহ নিৰাপত্তা বিভাগে জনোৱা মতে, বৰ্তমান আমেৰিকাৰ ইমিগ্ৰেচন এণ্ড কাষ্টমছ এনফৰ্চমেণ্ট আৰু আমেৰিকাৰ কাষ্টমছ এণ্ড বৰ্ডাৰ প্ৰটেকচনৰ প্ৰায় ৩ হাজাৰ এজেণ্ট মিনেছ’টাত নিয়োজিত হৈ আছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande