
নতুন দিল্লী, ১৬ জানুৱাৰী (হি.স.)। দেশৰ আগশাৰীৰ অটোমোবাইল নিৰ্মাতা কোম্পানী মাৰুতি চুজুকি ইণ্ডিয়াই নিজৰ মধ্যমীয়া আকাৰৰ এছ ইউ ভি ‘ভিক্টোৰিছ’ বিদেশী বজাৰলৈ ৰপ্তানি আৰম্ভ কৰিছে। কোম্পানীটোৱে যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত ঘৰুৱা বজাৰত ‘ভিক্টোৰিছ’ মডেল প্ৰৱৰ্তন কৰিছিল।
শুকুৰবাৰে জাৰি কৰা এক বিবৃতিত মাৰুতি চুজুকি ইণ্ডিয়াই কয় যে এই মডেলৰ ৪৫০ৰো অধিক ইউনিট মুন্দ্ৰা আৰু পিপাভাভ বন্দৰৰ পৰা বিশ্বৰ বজাৰলৈ প্ৰেৰণ কৰা হৈছে। এই এছইউভি খন আন্তঃৰাষ্ট্ৰীয় বজাৰত ‘এক্ৰছ’ নামেৰে বিক্ৰী কৰা হ’ব। কোম্পানীটোৱে জনোৱা মতে, এই বাহনখন লেটিন আমেৰিকা, পশ্চিম এছিয়া, আফ্ৰিকাকে ধৰি প্ৰায় ১০০খন দেশ আৰু অঞ্চলত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে।
কোম্পানীটোৱে জনোৱা মতে, ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত মুকলি কৰা ভিক্টোৰিছ মাৰুতি চুজুকি গ্ৰেণ্ড ভিটাৰা আৰু টয়োটা আৰ্বান ক্ৰুজাৰ হাইৰাইডাৰৰ দৰে একেটা চুজুকি চি প্লেটফৰ্মৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে। গুজৰাটৰ মুন্দ্ৰা আৰু পিপাভাভ বন্দৰৰ পৰা কম্পেক্ট এছ ইউ ভিখনৰ ৪৫০টাতকৈও অধিক ইউনিটৰ প্ৰথম চালান প্ৰেৰণ কৰা হৈছিল। শেহতীয়াকৈ মাৰুতি চুজুকি ভিক্টোৰিছে গ্ল’বেল এনচিএপি আৰু ইণ্ডিয়া এনচিএপি দুয়োটাৰে পৰা ৫ তাৰকা সুৰক্ষা ৰেটিং লাভ কৰি যাত্ৰীৰ সুৰক্ষা আৰু সামগ্ৰিক সুৰক্ষাৰ মানদণ্ডৰ ক্ষেত্ৰত ইয়াৰ প্ৰমাণপত্ৰ আৰু অধিক শক্তিশালী কৰি তুলিছে। জাপান মবিলিটি শ্ব’ ২০২৫তো এই মডেলটো প্ৰদৰ্শন কৰা হৈছিল, যিয়ে বিশ্বব্যাপী দৰ্শকৰ মাজত দ্ৰুতগতিত স্বীকৃতি লাভ কৰিছিল আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ প্ৰাধান্য প্ৰদৰ্শন কৰিছিল।
মাৰুতি চুজুকি ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ’) আৰু পৰিচালন সঞ্চালক (এমডি) হিছাছি তাকেউচিয়ে কয় যে কোম্পানীটোৰ ৰপ্তানি যাত্ৰা “মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড”ৰ দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত। টাকেউচিয়ে কয় যে, ২০২৫ চনৰ কেলেণ্ডাৰ বৰ্ষত ৩.৯ লাখৰো অধিক বাহন ৰপ্তানি কৰি আমি একেৰাহে পঞ্চম বছৰৰ বাবে ভাৰতৰ সৰ্ববৃহৎ যাত্ৰীবাহী বাহন ৰপ্তানিকাৰক হৈ পৰিছো। এই বছৰ আমি আমাৰ প্ৰথমখন বৈদ্যুতিক বাহন ই-ভিটাৰা ৰপ্তানি কৰি পুনৰ ইউৰোপত প্ৰৱেশ কৰিলোঁ।
हिन्दुस्थान समाचार / অৰৱিন্দ