
কাঠমাণ্ডু, ১৬ জানুৱাৰী (হি.স.)। নিৰ্বাচন আয়োগে গগন থাপা নেতৃত্বাধীন নেপালী কংগ্ৰেছক আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শুকুৰবাৰে আয়োগৰ বৈঠকত গগন থাপাৰ নেতৃত্বাধীন ফৈদটোৱেই বৈধ নেপালী কংগ্ৰেছ বুলি নিশ্চিত কৰা হয়। এই সিদ্ধান্তৰ লগে লগে দলৰ নিৰ্বাচনী প্ৰতীক গছ আৰু চাৰি তাৰকা পতাকা আনুষ্ঠানিকভাৱে থাপা ফৈদৰ হাতত অৰ্পণ কৰা হৈছে।
এই সিদ্ধান্তই কাৰ্যকৰীভাৱে দলটোৰ ৰাজনৈতিক উত্তৰাধিকাৰ গগন থাপাৰ হাতলৈ হস্তান্তৰ কৰে, যিজন ১১ জানুৱাৰীৰ পৰা বৃহস্পতিবাৰৰ পুৱালৈ অনুষ্ঠিত হোৱা দ্বিতীয়টো বিশেষ সাধাৰণ অধিৱেশনৰ জৰিয়তে দলৰ সভাপতি নিৰ্বাচিত হৈছিল। কাঠমাণ্ডুত অনুষ্ঠিত এই অধিৱেশনত গগন থাপাক নতুন দলৰ মুৰব্বী হিচাপে ঘোষণা কৰা হয়।
ইয়াৰ পূৰ্বে গগন থাপা ফৈদ আৰু শ্বেৰ বাহাদুৰ দেউৱা ফৈদ দুয়োটাৰে নেতা-কৰ্মীয়ে নিৰ্বাচন আয়োগৰ সন্মুখত হাজিৰ হৈ নিজৰ দাবী আৰু যুক্তি দাঙি ধৰে। এই সিদ্ধান্তৰ পিছতে নিৰ্বাচন আয়োগৰ কাৰ্যালয়ৰ বাহিৰত সমৰ্থক সকল সমবেত হয়। থাপা ফৈদৰ সমৰ্থকসকলে এই সিদ্ধান্তক উদযাপন কৰাৰ সময়তে দেউৱা ফৈদৰ সৈতে জড়িত কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰি অসন্তুষ্টি প্ৰকাশ কৰি ধৰ্ণা দিয়ে। পৰিস্থিতিৰ আলোকত নির্বাচন আয়োগৰ আশে-পাশে কটকটীয়া কৰা হৈছে নিৰাপত্তা৷
ইয়াৰ পূর্বে শুকুৰবাৰে সনেপাস্থিত দলটোৰ কেন্দ্রীয় কার্যালয়ত অনুষ্ঠিত সংবাদমেলত দেউৱা ফৈদৰ ভাৰপ্রাপ্ত সভাপতি পূৰ্ণ বাহাদুৰ খাডকাই নির্বাচন আয়োগে তেওঁৰ ফৈদক আনুষ্ঠানিকভাৱে স্বীকৃতি নিদিলে দেশজোৰা প্রতিবাদৰ সকীয়াই দিয়ে ৷
নেপালী কংগ্ৰেছৰ ভিতৰত আভ্যন্তৰীণ সংঘাত আৰু অধিক গভীৰ হৈ পৰে যেতিয়া দলৰ সভাপতি শ্বেৰ বাহাদুৰ দেউৱাৰ সন্মতি অবিহনে বিশেষ সাধাৰণ অধিৱেশন অনুষ্ঠিত হয়। কাঠমাণ্ডুৰ ভৃকুতিমণ্ডপত অনুষ্ঠিত এই অধিৱেশনত গগন থাপা দলৰ সভাপতি নিৰ্বাচিত হয়।
অধিৱেশনৰ পিছতে দেউৱা ফৈদে থাপা আৰু তেওঁৰ সহযোগীসকলে অবৈধ বৈঠক অনুষ্ঠিত কৰাৰ অভিযোগ উত্থাপন কৰি নেতা বিশ্ব প্ৰকাশ শৰ্মা আৰু ফাৰমুল্লাহ মনছুৰৰ সৈতে গগন থাপাক দলৰ পৰা বহিষ্কাৰ কৰে। তেতিয়াৰ পৰাই দেশৰ আটাইতকৈ পুৰণি গণতান্ত্ৰিক দলটো কাৰ্যকৰীভাৱে দুটা প্ৰতিদ্বন্দ্বী ফৈদত বিভক্ত হৈ পৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ