নেপালৰ টি-২০ বিশ্বকাপৰ বাবে বলিং কনচালটেণ্ট হিচাপে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ ইয়ান হাৰ্ভেক নিযুক্তি
কাঠমাণ্ডু, ১৬ জানুৱাৰী (হি.স.)। ভাৰত আৰু শ্ৰীলংকাই আয়োজিত ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ প্ৰস্তুতিৰ বাবে নেপাল ক্ৰিকেট সন্থাই পুৰুষ দলৰ বলিং কনচালটেণ্ট হিচাপে নিযুক্তি দিছে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন বেগী বলাৰ ইয়ান হাৰ্ভেক। বলিঙৰ বৈচিত্ৰ্য আৰু গতিৰ পৰিৱৰ্
नेपाल की क्रिकेट टीम


কাঠমাণ্ডু, ১৬ জানুৱাৰী (হি.স.)। ভাৰত আৰু শ্ৰীলংকাই আয়োজিত ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ প্ৰস্তুতিৰ বাবে নেপাল ক্ৰিকেট সন্থাই পুৰুষ দলৰ বলিং কনচালটেণ্ট হিচাপে নিযুক্তি দিছে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন বেগী বলাৰ ইয়ান হাৰ্ভেক।

বলিঙৰ বৈচিত্ৰ্য আৰু গতিৰ পৰিৱৰ্তনৰ বাবে পৰিচিত ৫৩ বছৰীয়া হাৰ্ভেই বৰ্তমানৰ মুখ্য প্ৰশিক্ষক ষ্টুয়াৰ্ট ল’ৰ অধীনত কাম কৰি নেপালৰ প্ৰশিক্ষক দলত যোগদান কৰিব। ইয়ান হাৰ্ভিৰ আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা ক্ৰিকেটৰ বহু অভিজ্ঞতা আছে। তেওঁ অষ্ট্ৰেলিয়াৰ হৈ ৭৩খন এদিনীয়া খেলি ৮৫টা উইকেট দখল কৰি ৭১৫ ৰান সংগ্ৰহ কৰে। ২০০৩ চনত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা আইচিচি এদিনীয়া বিশ্বকাপত জয়ী হোৱা অষ্ট্ৰেলিয়ান দলৰ অংশও আছিল। খেলৰ পৰা অৱসৰ লোৱাৰ পিছত হাৰ্ভিয়ে প্ৰশিক্ষকৰ ক্ষেত্ৰতো কেৰিয়াৰ গঢ়িছিল, ইংৰাজী কাউন্টি ক্লাব গ্ল’চেষ্টাৰশ্বাৰৰ প্ৰশিক্ষক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

অহা ৮ ফেব্ৰুৱাৰীত ইংলেণ্ডৰ বিৰুদ্ধে ২০২৬ চনৰ টি-২০ বিশ্বকাপত নেপালে নিজৰ অভিযান আৰম্ভ কৰিব। মুম্বাইৰ ঐতিহাসিক ৱানখেদে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই খেলখন।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande