
কলকাতা, ১৬ জানুৱাৰী (হি.স.)। ন্যায়ামূৰ্তি সুজয় পালে শুকুৰবাৰে কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। তেওঁ ২০২৬ চনৰ জুন মাহত অৱসৰ ল’ব। উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ পৰামৰ্শ আৰু ভাৰত চৰকাৰৰ অধিসূচনাৰ পিছত তেওঁক কলিকতা উচ্চ ন্যায়ালয়ৰ ৪৪ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে, যিটো ২০২৬ চনৰ ১৬ জানুৱাৰীত কাৰ্যকৰী হৈছে ।
পশ্চিম বংগৰ ৰাজ্যপাল চি.ভি. আনন্দ বসুৰ উপস্থিতিত তেওঁ শপতগ্ৰহণ কপে। এই উপলক্ষে উপস্থিত থাকে বৰ্তমানৰ আৰু প্ৰাক্তন ন্যায়াধীশ, বিভিন্ন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, ৰাজ্য চৰকাৰৰ মন্ত্ৰী আৰু জ্যেষ্ঠ ন্যায়িক বিষয়াসকল।
উল্লেখযোগ্য যে, ২০২৫ চনৰ ১৮ জুলাইত ন্যায়াধীশ সুজয় পালে কলিকতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। পিছত তেওঁ ২০২৫ চনৰ ৮ অক্টোবৰৰ পৰা ২০২৬ চনৰ ১৫ জানুৱাৰীলৈকে ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে।
নিজৰ ভাষণত ন্যায়মূৰ্তি পালে তেওঁৰ আইনী যাত্ৰাৰ কথা কয় আৰু বিশেষকৈ পিতৃৰ মৃত্যুৰ পিছত তেওঁক একক পিতৃ-মাতৃ হিচাপে ডাঙৰ-দীঘল কৰা মাতৃৰ অৱদানৰ কথা শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছিল। তেওঁ কয় যে যদিও তেওঁ নিজৰ কেৰিয়াৰৰ শেষত কলিকতা উচ্চ ন্যায়ালয়ত যোগদান কৰিছিল, তথাপিও তেওঁ প্ৰতিষ্ঠানটোৰ মৰ্যাদা, পবিত্ৰতা আৰু দক্ষতা বজাই ৰাখিবলৈ অধ্যৱসায়ীভাৱে চেষ্টা কৰি যাব।
हिन्दुस्थान समाचार / অৰৱিন্দ