বাইহাটা চাৰিআলিৰ মাজেৰে অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ
কামৰূপ, ১৬ জানুৱাৰী (হি.স.)। বাইহাটা চাৰিআলিৰ মাজেৰে অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ । বিগত সময়ছোৱাত বহু কেইখন গৰু সৰবৰাহ কৰা বাহন জব্দ কৰাৰ লগতে আটক কৰিছিল গৰু সৰবৰাহকাৰি । পুনৰ বাইহাটা চাৰিআলি আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি আজি জব্দ কৰে ৯টা গৰু সৰ
বাইহাটা চাৰিআলিৰ মাজেৰে অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ


কামৰূপ, ১৬ জানুৱাৰী (হি.স.)। বাইহাটা চাৰিআলিৰ মাজেৰে অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ । বিগত সময়ছোৱাত বহু কেইখন গৰু সৰবৰাহ কৰা বাহন জব্দ কৰাৰ লগতে আটক কৰিছিল গৰু সৰবৰাহকাৰি । পুনৰ বাইহাটা চাৰিআলি আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি আজি জব্দ কৰে ৯টা গৰু সৰবৰাহ কৰা বলেৰো পিক ভান আৰু গৰু সৰবৰাহ কৰা কামত ব্যৱহাৰ কৰা অন্য এখন বাহন ।

লগতে আটক কৰে তিনিজন সৰবৰাহকাৰি । খাৰুপেটিয়াৰ পৰা সৰবৰাহ কৰি আনিছিল গৰু কেইটা । গৰু সৰবৰাহ কাৰ্যত ব্যৱহাৰ কৰা বাহন দুখনৰ নম্বৰ ক্ৰমে এ এছ ১৩চি ৭৫১৩ আৰু এ এছ ০১এফ এফ ০৪৪৫ । সৰবৰাহকাৰি কেইজন ক্ৰমে আজমল আলী , গফুৰ আলী আৰু জিয়াউল হক ।আটাইকেইজনৰ ঘৰ দৰং জিলাত ।

জানিব পৰা মতে মহবুব হুছেইন নামৰ ব্যক্তি গৰাকীয়ে দীৰ্ঘদিন কামৰূপ জিলা মন্দাকটাৰ পৰা গৰু সৰবৰাহ কৰি আহিছিল । গৰু সৰবৰাহ মাষ্টাৰ মাইণ্ড মহুবুব হুছেইনৰ গৰু সহ তিনিজন লোকক আটক কৰে বাইহাটা চাৰিআলিৰ থানাৰ ভাপ্ৰাপ্ত আৰক্ষী বিষ়ায়া অনুপ জ্যোতি পতেৰীয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande