
ঢাকা, ১৬ জানুৱাৰী (হি.স.)। বাংলাদেশ জামাত-ই-ইছলামী নেতৃত্বাধীন মিত্ৰজোঁটে অহা ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ত্ৰয়োদশ সংসদীয় নিৰ্বাচনৰ বাবে ২৫৩খন আসনৰ বাবে আসন ভাগ-বতৰা কৰাৰ ব্যৱস্থা ঘোষণা কৰিছে।জামাতে ১৭৯খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব, মামুনুল হক নেতৃত্বাধীন বাংলাদেশৰ খিলাফত মজলিছে ২০, খিলাফত মজলিছ ১০, লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টি ৭, এ বি পাৰ্টি তিনিটা, নিজাম-ই-ইছলামী পাৰ্টি দুটা, আৰু বাংলাদেশ উন্নয়ন পাৰ্টি দুটা। এই তথ্য বৃহস্পতিবাৰে সন্ধিয়া এক সংবাদমেলত জামাতৰ নাইব-ই-আমিৰ চৈয়দ আব্দুল্লা মহম্মদ তাহিৰে প্ৰদান কৰে।
কাক্ৰাইল অঞ্চলৰ ইনষ্টিটিউচন অৱ ডিপ্লমা ইঞ্জিনিয়াৰত তাহিৰে এই ঘোষণা কৰে বুলি দ্য ঢাকা ট্ৰিবিউনে প্ৰকাশ কৰিছে। ইফালে মিত্ৰজোঁটৰ অন্যতম প্ৰধান সমষ্টি ইছলামী আন্দোলন বাংলাদেশে সংবাদমেল বৰ্জন কৰে। তাহিৰে কয় যে মিত্ৰজোঁটৰ আন দুটা সমষ্টি বাংলাদেশ খিলাফত আন্দোলন আৰু জাতীয় গণতন্ত্ৰ পাৰ্টি (জেজিপি)ক কিমান আসন আবণ্টন দিয়া হ’ব সেয়া এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই। বৰ্জন কৰা ইছলামী আন্দোলন বাংলাদেশৰ বাবে ৪৭খন আসন সংৰক্ষিত আছিল।
ইফালে জামাত-ই-ইছলামীয়ে অভিযোগ উত্থাপন কৰে যে কেইবাটাও ক্ষেত্ৰত নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ পিছতো নিৰ্বাচন আয়োগ নিষ্ক্ৰিয় হৈ আছে। জামাতৰ সহকাৰী সাধাৰণ সম্পাদক হামিদুৰ ৰহমান আজাদে আগৰগাঁৱত মুখ্য নিৰ্বাচন আয়ুক্ত এ এম এম নাছিৰ উদ্দিনক সাক্ষাৎ কৰি এই মন্তব্য কৰে। তেওঁ কয় যে এটা ৰাজনৈতিক দলে মুকলিকৈ আচৰণ বিধি উলংঘা কৰিছে, আৰু আয়োগে ইয়াৰ প্ৰতি চকু মুদিছে। যিসকলে সংহিতা উলংঘা কৰা নাছিল তেওঁলোকক হাৰাশাস্তি কৰা হৈছিল।
हिन्दुस्थान समाचार / অৰৱিন্দ