
বাক্সা, ১৬ জানুৱাৰী (হি.স.)। বাক্সাৰ বৰমাৰ সমীপৱৰ্তী খাৰুৱাত আজি বি পি এফৰ ৯১ সংখ্যক কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা । ১০ ফেব্ৰুৱাৰীৰ পাচত সিদ্ধান্ত হব বিধানসভা নিৰ্বাচন সম্পৰ্কে । এন ডি এ হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বি পি এফ । পৰবৰ্তী সময়তো অসমৰ মুখ্যমন্ত্ৰী হব ড০ হিমন্ত বিশ্ব শৰ্মা । প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ নেতৃত্বত বিশ্ব অভিলেখ গঢ়িৱ বাগৰুম্বা নৃত্যই । বিটিচিৰ বাহিৰৰ প্ৰাৰ্থীক বিটিএডিত প্ৰাৰ্থী দিব নোৱাৰিব এন ডি এই ।
অহা ১০ ফেব্ৰুৱাৰীত ২০২০ চনৰ শান্তি চুক্তিৰ দিনটো কোকৰাঝাৰত পালন কৰিব বিপিএফে । ইউ পি পি এলৰ কাৰ্যকালত প্ৰয়োগ কৰিব নোৱাৰা ধন উন্নয়নৰ কামত ব্যৱহাৰ কৰিব বিপিএফে। বিটিচি নিৰ্বাচনত প্ৰতিশ্ৰুতি দিয়া আত্মসহায়ক গোট, মাটিৰ পট্টা, নিৱনুৱা যুৱক-যুৱতীক এককালীন সাহাৰ্য্য আদি অহা ১০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰিব বুলি ঘোষণা হাগ্ৰামাৰ ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ