২০ জানুৱাৰীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচন
নতুন দিল্লী, ১৬ জানুৱাৰী (হি.স.)। অহা ২০ জানুৱাৰীত ভাৰতীয় জনতা পাৰ্টিৰ নতুন ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচিত কৰা হ’ব। দলটোৱে শুকুৰবাৰে ইয়াত ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে ঘোষণা কৰি কয় যে বিজেপিৰ সংগঠন মহোৎসৱ ২০২৪ৰ অংশ হিচাপে ৰ
भाजपा


নতুন দিল্লী, ১৬ জানুৱাৰী (হি.স.)। অহা ২০ জানুৱাৰীত ভাৰতীয় জনতা পাৰ্টিৰ নতুন ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচিত কৰা হ’ব।

দলটোৱে শুকুৰবাৰে ইয়াত ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে ঘোষণা কৰি কয় যে বিজেপিৰ সংগঠন মহোৎসৱ ২০২৪ৰ অংশ হিচাপে ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰক্ৰিয়া ১৯ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব, আৰু ২০ জানুৱাৰীত সভাপতিৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব।

বিজেপিৰ ৰাষ্ট্ৰীয় নিৰ্বাচনী বিষয়া তথা ৰাজ্যসভাৰ সাংসদ ড০ কে লক্ষ্মণে প্ৰকাশ কৰা সূচী অনুসৰি দলটোৰ কেন্দ্ৰীয় কাৰ্যালয় ৬-এ, দীনদয়াল উপাধ্যায় মাৰ্গ, নতুন দিল্লীত এই সমগ্ৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব। নিৰ্বাচনৰ সময়সূচী অনুসৰি ১৬ জানুৱাৰী শুকুৰবাৰে দুপৰীয়া ১২ বজাত ৰাষ্ট্ৰীয় নিৰ্বাচনী ব’ৰ্ডৰ তালিকা প্ৰকাশ পাব। তাৰ পিছত ১৯ জানুৱাৰী সোমবাৰে মনোনয়ন পত্ৰ মুকলি কৰা হ’ব। একেদিনাই ২:০০ বজাৰ পৰা ৪:০০ বজালৈ মনোনয়ন পত্ৰ দাখিল কৰা হ’ব, ইফালে ৪:০০ বজাৰ পৰা ৫:০০ বজালৈ পৰীক্ষা কৰা হ’ব আৰু প্ৰত্যাহাৰৰ সময়সীমা ৫:০০ বজাৰ পৰা ৬:০০ বজালৈ নিৰ্ধাৰণ কৰা হৈছে ।

মনোনয়ন প্রক্রিয়া সম্পূর্ণ হোৱাৰ পাছত সন্ধিয়া ৬:৩০ বজাত ৰাষ্ট্রীয় নির্বাচন বিষয়াই প্রেছ বিবৃতি প্রকাশ কৰিব ৷

সূচী অনুসৰি প্ৰয়োজন হ’লে ২০ জানুৱাৰী মঙলবাৰে পুৱা ১১:৩০ বজাৰ পৰা ১:৩০ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব, তাৰ পিছত বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande