বিশ্ব বেংকে ৭.২% লৈ বৃদ্ধি কৰিলে ২০২৫-২৬ বৰ্ষৰ জিডিপি বৃদ্ধিৰ পূৰ্বানুমান
নতুন দিল্লী, ১৫ জানুৱাৰী (হি.স.)। অর্থনৈতিক দিশত ভাৰতৰ বাবে সুখবৰ ৷ প্ৰবল ঘৰুৱা চাহিদা আৰু কৰ সংস্কাৰৰ ফলত বিশ্ব বেংকে চলিত বিত্তীয় বৰ্ষ ২০২৫-২৬ৰ বাবে জিডিপি বৃদ্ধিৰ পূৰ্বানুমান ৭.২% লৈ বৃদ্ধি কৰিছে। জুন মাহত ইয়াৰ অনুমানতকৈ এই পৰিমাণ ০.৯% বেছি।
जीडीपी वृद्धि दर के  लोगो का प्रतीकात्‍मक चित्र


নতুন দিল্লী, ১৫ জানুৱাৰী (হি.স.)। অর্থনৈতিক দিশত ভাৰতৰ বাবে সুখবৰ ৷ প্ৰবল ঘৰুৱা চাহিদা আৰু কৰ সংস্কাৰৰ ফলত বিশ্ব বেংকে চলিত বিত্তীয় বৰ্ষ ২০২৫-২৬ৰ বাবে জিডিপি বৃদ্ধিৰ পূৰ্বানুমান ৭.২% লৈ বৃদ্ধি কৰিছে। জুন মাহত ইয়াৰ অনুমানতকৈ এই পৰিমাণ ০.৯% বেছি।

বিশ্ব বেংকে নিজৰ প্ৰধান (ফ্লেগশ্বিপ) প্ৰতিবেদন বৈশ্বিক আৰ্থিক সম্ভাৱনা (গ্ল'বেল ইকনমিক প্ৰস্পেক্টছ)ত উল্লেখ কৰিছে যে চলিত বিত্তীয় বৰ্ষ ২০২৫-২৬ত ভাৰতৰ জিডিপি বৃদ্ধি ৭.২% হোৱাৰ অনুমান কৰা হৈছে। প্ৰতিবেদনত লগতে উল্লেখ কৰা হৈছে যে অহা ২০২৬-২৭ বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৬.৫% লৈ হ্ৰাস পাব পাৰে।

বিশ্ব বেংকৰ এই জিডিপি অনুমান এই ধাৰণাটোৰ ওপৰত ভিত্তি কৰি কৰা হৈছে যে এই সময়ছোৱাত আমেৰিকাৰ ৫০ শতাংশ আমদানি শুল্ক প্ৰযোজ্য হৈ থাকিব। ইয়াৰ পিছতো ভাৰতে বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত অন্যতম দ্ৰুতগতিত বৃদ্ধিৰ হাৰ বজাই ৰাখিব বুলি আশা কৰা হৈছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

ইয়াৰ উপৰিও প্ৰতিবেদনত কোৱা হৈছে যে, “২০২৭-২৮ বিত্তীয় বৰ্ষত বৃদ্ধি ৬.৬ শতাংশলৈ ত্বৰান্বিত হোৱাৰ আশা কৰা হৈছে, যিটো শক্তিশালী সেৱাৰ কাৰ্যকলাপ, উন্নত ৰপ্তানি, আৰু বিনিয়োগৰ বৃদ্ধিৰ দ্বাৰা সমৰ্থিত।”

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande