
মৰিগাও, ১৫ জানুৱাৰী (হি.স.)। মায়ঙৰ বৰবৰীত ভয়ংকৰ দুৰ্ঘটনাত পতিত অল্ট বাহন এখন । জাপৰীৰ পৰা গাগলমাৰীৰ দিশে আহি থাকোতেই দুৰ্ঘটনাত পতিত হই বাহন খন। মথাউৰিৰ পৰা বাগৰি পৰে বাহন খন। মাকৈ খেতিত পৰি দাউ দাউ কৈ জ্বলি উঠে বাহন খন। বাহন খনৰ ভিতৰত আছিল ৪জন আৰোহী। দুগৰাকী কিশোৰী আৰু দুজন যুৱক আছিল বাহন খনত। সামান্য় পৰিমাণে আহত হই চাৰিজন আৰোহী।
কথমপি প্ৰাণ ৰক্ষা চাৰিও জনৰে। বাহন খনৰ নম্বৰ এ এছ ০১ ই এছ ৩১২১ । তীব্ৰ গতিত আহি থাকোতেই নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে বাহন খন। স্থানীয় ৰাইজে গাড়ী খনৰ চাৰিজন আৰোহীকে উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসাৰ ব্য়ৱস্থা কৰে। দুৰ্ঘটনাগ্ৰস্থ বাহন খন ক্ৰেনৰ সহায়ত উদ্ধাৰ কৰি মেৰামতিৰ উদ্দেশ্যে অঞ্চলটোৰ এটা গেৰেজত ৰখাৰ ব্য়ৱস্থা কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা