

বিএছপিৰ মুৰব্বীৰ তেওঁৰ ৭০ সংখ্যক জন্মদিনত সাংবাদিকৰ সৈতে বাৰ্তালাপমিত্ৰজোঁট হ’লে বিএছপিৰ ক্ষতি হয়
লক্ষ্ণৌ, ১৫ জানুৱাৰী (হি.স.)। উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বহুজন সমাজ পাৰ্টিৰ ৰাষ্ট্ৰীয় সভানেত্ৰী মায়াৱতীয়ে কয় যে দলিত আৰু শোষিতসকলৰ স্বাৰ্থৰ বাবে আমাৰ সংগ্ৰাম অব্যাহত থাকিব। কোনো ধৰণৰ হেঁচা বা প্ৰলোভনত এই আন্দোলনৰ পৰা পিছুৱাই নাযাওঁ বুলিও কয় তেওঁ। লগতে ২০২৭ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত বিএছপিয়ে কোনো দলৰ সৈতে মিত্ৰতা নকৰে আৰু নিজাববীয়াকৈ সম্পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব বুলি দাবী কৰে। বৃহস্পতিবাৰে তেওঁৰ ৭০ সংখ্যক জন্মদিন উপলক্ষে অনুষ্ঠিত সংবাদমেলত এই মন্তব্য কৰে বিএছপিৰ মুৰব্বীগৰাকীয়ে।
উত্তৰ প্ৰদেশৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি মায়াৱতীয়ে কয় যে বিজেপি চৰকাৰৰ অধীনত ব্ৰাহ্মণক অৱহেলিত কৰা হৈছে। উত্তৰ প্ৰদেশত বিএছপি চৰকাৰ গঠন হোৱাৰ পিছত তেওঁলোকৰ সকলো ইচ্ছা পূৰণ হ'ব। আমাৰ চৰকাৰ যেতিয়া ক্ষমতাত আছিল তেতিয়া ব্ৰাহ্মণক উপযুক্ত অংশগ্ৰহণ দিয়া হৈছিল। ব্ৰাহ্মণসকলকো প্ৰতিটো স্তৰতে সন্মান আৰু জীৱিকাৰ প্ৰয়োজন। বিএছপি চৰকাৰে কোনো ধৰণৰ পক্ষপাতিত্বৰ অনুমতি দিয়া নাই। মন্দিৰ, মছজিদ, গীৰ্জাৰ কোনো ক্ষতি হোৱা নাছিল। যাদৱ আৰু গুৰজাৰ জনগোষ্ঠীৰ স্বাৰ্থৰো যত্ন লোৱা হৈছিল।
প্ৰাক্তন মুখ্যমন্ত্ৰী মায়াৱতীয়ে ২০২৭ চনৰ বিধানসভা নিৰ্বাচনত জয়ী হ’বলৈ চেষ্টাৰ কোনো ত্ৰুটি নাৰাখিব বুলি উল্লেখ কৰে। সম্প্ৰতি সকলো সম্প্ৰদায় অসুখী আৰু পুনৰ বিএছপি চৰকাৰ বিচাৰে। দেশত ইভিএম ৰিগিং আৰু অসাধুতাৰ চৰ্চা। এছ আৰ আইৰ বিষয়ে চৰ্চা কৰি তেওঁ কয় যে এছ আৰ আই সন্দৰ্ভত অসংখ্য অভিযোগ আছে। ইয়াৰ বাবে সমাজৰ সকলো সদস্যই নিজৰ ভোটৰ প্ৰতি সজাগ হ’ব লাগিব। তেতিয়াহে গণতন্ত্ৰ সুৰক্ষিত হ’ব। নিজৰ দলৰ পূৰ্বৰ মিত্ৰতা সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয় যে ইয়াৰ ফলত বিএছপিৰ ক্ষতি হয় কাৰণ উচ্চবৰ্ণৰ ভোট জাতিভিত্তিক দললৈ যায়। দলিত ভোট লাভৰ বাবে সকলো দলে বিএছপিৰ সৈতে মিত্ৰতা বিচাৰে। ভৱিষ্যতে বিএছপিয়ে অকলেই সকলো নিৰ্বাচনত অৱতীৰ্ণ হ’ব। ভৱিষ্যতে যেতিয়া আমি উচ্চবৰ্ণৰ ভোট লাভ কৰাৰ আত্মবিশ্বাসী হ’ম তেতিয়া আমি মিত্ৰতা কৰিম, কিন্তু ইয়াৰ বাবে বছৰ বছৰ লাগিব।
মায়াৱতীয়ে কয় যে কংগ্ৰেছ আৰু বিজেপিয়ে ‘সাম, ডাম, দণ্ড, ভেদ’ৰ কৌশল ব্যৱহাৰ কৰি বিএছপিক দুৰ্বল কৰাৰ চেষ্টা চলাইছিল। দলিত সমাজ সম্পূর্ণৰূপে ঐক্যবদ্ধ আৰু বিএছপিৰ অধিকাৰৰ বাবে যুঁজ দিয়াৰ অভিযানত বিএছপিৰ সৈতে থিয় দিব বুলিও কয় মায়াৱতীয়ে ৷
हिन्दुस्थान समाचार / অৰৱিন্দ