
গোলাঘাট, ১৫ জানুৱাৰী (হি.স.)। ভোগালীৰ আনন্দময় পৰিৱেশৰ মাজতে আলফা স্বাধীনৰ এজন কেডাৰৰ আত্মসমৰ্পণ। উজনী অসমত চেগাচোৰকাকৈ নিৰাপত্তা বাহিনীৰ আলফা বিৰোধী অভিযান অব্যাহত আছে । আৰক্ষীৰ শীৰ্ষ মহলে সংবাদ মাধ্যমত অবগত কৰা অনুসৰি আলফা স্বাধীনৰ ওপৰত নিৰাপত্তা বাহিনীৰ অত্য়াধিক চাপৰ ফলত নগালেণ্ডৰ মন আৰক্ষীৰ ওচৰত বুধবাৰে নিশা আত্মসমৰ্পন কৰিলে আলফা স্বাধীনৰ কেডাৰ অমৰজ্যোতি মৰাণ ওৰফে ধনঞ্জয় অসমে। ইয়াৰ পুৰ্বেও একাধিক আলফা স্বাধীনৰ কেডাৰ ম্যানমাৰৰ পৰা আহি নগালেণ্ডত আশ্ৰয় গ্ৰহণ কৰি নিৰাপত্তা বাহিনীৰ ওচৰত আত্মসমৰ্পন কৰিছে বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰে।
আত্মসমৰ্পন কৰা আলফা স্বাধীনৰ কেডাৰ গৰাকীৰ ঘৰ তিনিচুকীয়া জিলাৰ পেঙেৰীত। কেডাৰ গৰাকী ম্য়ানমাৰৰ পৰা আহি নগালেণ্ডৰ মন জিলাত আশ্ৰয় গ্ৰহণ কৰি আত্ম সমৰ্পনৰ সুযোগৰ অপেক্ষাত আছিল।
আজি পুৱতি নিশা চৰাইদেউ আৰক্ষীয়ে নগালেণ্ড আৰক্ষীৰ পৰা নিজৰ জিম্মাত লৈছে আলফা স্বাধীনৰ কেডাৰ গৰাকীক।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা