
নগাঁও, ১৫ জানুৱাৰী (হি.স.)। নগাঁৱৰ পুৰণিগুদামত আজি ভয়ংকৰ পথ দুৰ্ঘটনা। আই টেন বাহনত খুন্দা তীব্ৰবেগী ডাম্পাৰৰ। দীৰ্ঘ সময়ৰ ধৰি দুৰ্ঘটনা গ্ৰস্ত আই টেন বাহন খনতেই আবদ্ধ বাহনৰ গৰাকী সহ আন এজন ব্যক্তি। আনহাতে,ঘটনা সংঘটিত কৰিয়েই ডাম্পাৰ এৰি পলায়ন চালক গৰাকীৰ।দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে ভাৱে আহত আই টেন বাহন খনৰ দুয়ো গৰাকী চালক আৰু আৰোহী।
দুৰ্ঘটনা গ্ৰস্থ আই টেন বাহন খনত দীৰ্ঘসময় ধৰি আৱদ্ধ হৈ থকা দুয়ো গৰাকী আহত ব্যক্তিক আৰক্ষীয়ে জেচিবিৰ সহায়ত গাড়ী ভাঙি বাহিৰলৈ উলিয়াই প্ৰেৰণ কৰে চিকিৎসালয়লৈ। দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ খনৰ নম্বৰ হৈছে এনএল ০১ এজি ৫৯৩১ । আনহাতে আই টেন খনৰ নম্বৰ হৈছে এএছ ০১ ডিএক্স ৫৩৭৩।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ