
বিশ্বনাথ, ১৫ জানুৱাৰী (হি.স.)। গহপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সঘনাই সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা । ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চন্দামাৰীত আজি পুনৰ সংঘটিত হৈছে এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা । এখন তীব্ৰবেগী এএছ ০৩এ ই- ৯২৪৩ ক্ৰেটা বাহনে একে দিশেৰে গৈ থকা এএছ ১২ এ এফ- ৪২৯৬ নম্বৰৰ এখন মটৰ চাইকেলক খুন্দা মৰাৰ ফলত ডিভাইডাৰৰ ওপৰত বাগৰি পৰে ।
দুৰ্ঘটনা টোৰ ফলত মটৰ চাইকেলত অহা দুজন আৰোহী গুৰুতৰ ভাৱে আহত হয় । আহত লোক দুজন কাৰিবিল বঙালীৰ বিমল বৈষ্ণৱ আৰু পৰমানন্দ সৎনামী বুলি জানিব পৰা গৈছে । ইতিমধ্যে হেলেম আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহত সকলক গহপুৰৰ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ