
তামুলপুৰ, ১৫ জানুৱাৰী (হি.স.): আজি পহিলা মাঘৰ দিনা ৰাজ্যৰ মঠ-মন্দিৰত ভক্তৰ ভিৰ পৰিলক্ষিত হয়। আজি পহিলা মাঘৰ প্ৰথম দিনাটোত তামুলপুৰ জিলাৰ কচুবাৰীৰ ঐতিহাসিক মহাপ্ৰভু শ্ৰীশ্ৰীগোপাল' আৰু জগন্নাথ থানাত সত্ৰত সহস্ৰাধিক ভক্ত উপস্থিত হৈ চাকি-বন্তি জ্বলোৱা পৰিলক্ষিত হয় । শৰাই-নৈবদ্য অৰ্পণ কৰি ভক্তই পৰিয়ালৰ মঙ্গল কামনাৰে প্ৰাৰ্থনা জনায়।
প্ৰতি বছৰৰ দৰে এইবছৰো উদ্যোক্তাসকলে সজাই-পৰাই তুলিছে । উল্লেখযোগ্য যে তামুলপুৰ জিলাৰ কচুবাৰী মহাপ্ৰভু শ্ৰশ্ৰীগোপাল আৰু জগন্নাথ থানা সত্ৰত মাঘৰ প্ৰথম দিনাই সহস্ৰাধিক ভক্ত উপস্থিত হৈ চাকি-বন্তি জ্বলোৱা পৰিলক্ষিত হয়।প্ৰবাদ আছে যে এই থানখনত ভক্তিৰে সেৱা ল’লে মনো বাঞ্ছা পূৰণ হয়। তামুলপুৰৰ কচুবাৰী মহাপ্ৰভু শ্ৰীশ্ৰী গোপাল' আৰু জগন্নাথ থান সত্ৰত এক সুন্দৰ ভক্তি ৰসৰ পৰিবেশত ৰাতিপুৱাৰে পৰা এতিয়ালৈকে বিভিন্ন দুৰ দুৰণিৰ পৰা অজস্ৰ ভক্ত উপস্থিত হৈ ধূপ চাকি নৈবদ্য আগবঢ়াইছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ