
বিশ্বনাথ, ১৫ জানুৱাৰী (হি.স.)। বিশ্বনাথত কাইলৈৰ পৰা শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ ৰাজ্যিক অধিৱেশন। প্ৰতিষ্ঠা কৰা হ'ল গুৰু আসন।হৰিনামৰ ধ্বনিৰে মুখৰিত মঘাই ওজা বিহুতলী। ভকত বৈষ্ণৱৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হ'ল বিশ্বনাথৰ মঘাই ওজা বিহুতলী। অহা ১৬, ১৭, আৰু ১৮ জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ পঞ্চদশ ৰাজ্যিক অধিৱেশন।
এই অধিৱেশনৰ আজি গুৰুআসন প্ৰতিষ্ঠা কৰা হয়। দেববাদ্য বজাই হৰিনাম গাই প্ৰতিষ্ঠা কৰা হয় গুৰুআসন। ইতিমধ্যে প্ৰতিদিনে প্ৰায় ২২ হাজাৰ ভকতক আদৰিবলৈ সাজু হৈছে আদৰণী সমিতি। ১৭ খনকৈ উপ সমিতিয়ে সম্প্ৰতি প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ