
টেংগিয়াৰ, ১৫ জানুৱাৰী (হি.স.)। ছাদিঅ’ মানেৰ ৭৮ মিনিটত দিয়া নিৰ্ণায়ক গ’লে বুধবাৰে আফ্ৰিকা কাপ অৱ নেচনছ (এফকন) ২০২৫ৰ ছেমি ফাইনেলত ইজিপ্তক ১-০ গ’লত পৰাস্ত কৰি চেনেগালে ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয়। এই জয়ৰ জৰিয়তে মানেই লিভাৰপুলৰ প্ৰাক্তন সতীৰ্থ তথা ইজিপ্তৰ অধিনায়ক মহম্মদ চালাহৰ ওপৰত এক গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰে।
মেচখনৰ অন্তত ৩৩ বছৰীয়া মানেই প্ৰকাশ কৰে যে এয়া তেওঁৰ অন্তিমখন আফ্ৰিকা কাপ অৱ নেচনছ প্ৰতিযোগিতা। তেওঁ কয়, মোৰ শেষৰটো এফকন খেলাৰ সুযোগ পাই মই অতি সুখী। মই ফাইনেলত জয়ী হৈ ট্ৰফী ঘৰলৈ লৈ যোৱাৰ চেষ্টা কৰিম।
প্ৰাক্তন চেম্পিয়ন চেনেগালে সতৰ্ক ইজিপ্তৰ দলৰ বিৰুদ্ধে বলৰ নিয়ন্ত্ৰণ বজাই ৰাখিছিল। এতিয়া দেওবাৰে ফাইনেলত চেনেগালে আয়োজক মৰক্কোৰ বিৰুদ্ধে খেলিব।
এই ফলাফলৰ জৰিয়তে ইজিপ্তৰ বিৰুদ্ধে চেনেগালে নিজৰ অগ্ৰগতি অক্ষুণ্ণ ৰাখিলে। ইয়াৰ উপৰিও ২০২২ চনৰ আফকন ফাইনেল আৰু ২০২২ চনৰ ফিফা বিশ্বকাপৰ প্লে অফত ইজিপ্তক পৰাস্ত কৰিছিল টেৰাংগা লায়ন্সে। দুয়োখন মেচ পেনাল্টি শ্বুটআউটৰ দ্বাৰা নিৰ্ণয় কৰা হৈছিল।
এয়া হ’ব চেনেগালৰ চতুৰ্থবাৰৰ বাবে এফকন ফাইনেল। ইয়াৰ পূৰ্বে ২০০২ চনত কেমেৰুণ আৰু ২০১৯ চনত আলজেৰিয়াৰ হাতত পৰাস্ত হোৱাৰ বিপৰীতে ২০২১ চনৰ সংস্কৰণত (২০২২ চনত অনুষ্ঠিত) ইজিপ্তক পৰাস্ত কৰি খিতাপ দখল কৰে।
ইজিপ্তৰ অধিনায়ক মহম্মদ চালাহক গোটেই মেচখনতে চেনেগালৰ শক্তিশালী ডিফেন্সে ফলপ্ৰসূভাৱে নিয়ন্ত্ৰণ কৰিছিল। এইটো আছিল ছালাহৰ পঞ্চমটো এফকন, আৰু দুবাৰকৈ ৰানাৰ্ছ আপৰ স্থান দখল কৰি তেওঁ খিতাপৰ আটাইতকৈ ওচৰলৈ আহিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ