বাংলাদেশ ক্ৰিকেটৰ সংকটঃ খেলুৱৈৰ সকলো ফৰ্মেট বৰ্জনৰ ভাবুকি
ঢাকা, ১৫ জানুৱাৰী (হি.স.)। বাংলাদেশৰ ক্ৰিকেট বৃহস্পতিবাৰে গভীৰ সংকটত সোমাই পৰিছে। দেশৰ ক্ৰিকেটাৰসকলে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ সঞ্চালক এম নাজমুল ইছলামৰ পদত্যাগৰ দাবী উত্থাপন কৰাৰ লগতে সকলো ধৰণৰ ক্ৰিকেট বৰ্জনৰ হুংকাৰ দিয়ে। তেওঁৰ বিতৰ্কিত ৰাজহুৱা বক্
बांग्लादेश क्रिकेट टीम


ঢাকা, ১৫ জানুৱাৰী (হি.স.)। বাংলাদেশৰ ক্ৰিকেট বৃহস্পতিবাৰে গভীৰ সংকটত সোমাই পৰিছে। দেশৰ ক্ৰিকেটাৰসকলে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ সঞ্চালক এম নাজমুল ইছলামৰ পদত্যাগৰ দাবী উত্থাপন কৰাৰ লগতে সকলো ধৰণৰ ক্ৰিকেট বৰ্জনৰ হুংকাৰ দিয়ে। তেওঁৰ বিতৰ্কিত ৰাজহুৱা বক্তব্যক লৈ খেলুৱৈসকলৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে।

এই প্ৰতিবাদৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে বাংলাদেশ প্ৰিমিয়াৰ লীগ (বিপিএল)ত। মিৰপুৰৰ শ্বেৰ-ই-বাংলা ৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত বৃহস্পতিবাৰৰ খেলখনৰ বাবে খেলপথাৰত নামিবলৈ অস্বীকাৰ কৰে চট্টোগ্ৰাম ৰয়েলছ আৰু নোয়াখালি এক্সপ্ৰেছৰ খেলুৱৈয়ে। মেচখন ১ বজাৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল যদিও দুয়োটা দলৰ খেলুৱৈ আহি নাপালে।

ঢাকাত অনুষ্ঠিত এক সংবাদমেলত বাংলাদেশৰ অলৰাউণ্ডাৰ মেহিদী হাছান মিৰাজে নাজমুল ইছলামৰ এই মন্তব্যক সমগ্ৰ ক্ৰিকেট বিশ্বৰ বাবে অপমানজনক বুলি অভিহিত কৰে। তেওঁ কয়, আমাৰ বেছিভাগ আয় আইচিচি আৰু পৃষ্ঠপোষকৰ পৰা আহে। আজি বাংলাদেশৰ জাৰ্চি পিন্ধা প্ৰতিজন খেলুৱৈয়ে ব'ৰ্ডৰ ধনত অৰিহণা যোগাইছে। যদি মেচসমূহ খেলা নহ'লহেঁতেন তেন্তে পৃষ্ঠপোষক বা আইচিচিয়েও কোনো ধৰণৰ আয় নকৰিলেহেঁতেন।

লগতে মিৰাজে স্পষ্ট কৰি দিয়ে যে খেলুৱৈয়ে নিজৰ আয়ৰ ২৫ৰ পৰা ৩০ শতাংশ চৰকাৰক কৰ হিচাপে দিয়ে। তেওঁ কয়, চৰকাৰে আমাক ধন দিয়াটো এটা সাধাৰণ ভুল ধাৰণা। সেয়া সঁচা নহয়। আমাৰ সকলো আয় খেলপথাৰত খেলাৰ পৰাই আহে আৰু আমিও যথেষ্ট কৰ দিওঁ।

চাৰিটা মূল বিষয় উত্থাপন কৰা হৈছিল:

* ঢাকা প্ৰথম বিভাগৰ ক্ৰিকেটত অব্যাহত থকা সংকট

* মহিলা ক্ৰিকেটাৰৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ সন্দৰ্ভত বিচিবিৰ স্থিতি

* বিচিবিৰ সঞ্চালক এম নাজমুল ইছলামৰ পদত্যাগৰ দাবী

* মহিলা ক্ৰিকেটৰ সুবিধা আৰু সুযোগ সম্পৰ্কীয় বিষয়

বাংলাদেশৰ ক্ৰিকেটাৰ্ছ ৱেলফেয়াৰ এছ’চিয়েশ্যনৰ সভাপতি মহম্মদ মিথুনে স্পষ্ট সতৰ্কবাণী জাৰি কৰি কয় যে, আমি মাত্ৰ এটা চৰ্তত খেলপথাৰখন গ্ৰহণ কৰিম: বিচিবিয়ে ৪৮ ঘণ্টাৰ ভিতৰত লিখিত আশ্বাস দিয়ে যে এই ব্যক্তিজন ব'ৰ্ডত নাথাকে। যদি এনে নহয় তেন্তে খেলত ব্যাঘাত জন্মাবলৈ ক্ৰিকেটাৰসকল দায়ী নহ'ব।

নাজমুল ইছলামে প্ৰাক্তন অধিনায়ক তামিম ইকবালক “ভাৰতীয় এজেণ্ট” বুলি অভিহিত কৰাৰ লগে লগে বিতৰ্কৰ সৃষ্টি হয়। বিশেষকৈ কলকাতা নাইট ৰাইডাৰ্ছে আই পি এলৰ পৰা মুস্তাফিজুৰ ৰহমানক মুকলি কৰি দিয়াৰ প্ৰেক্ষাপটত ভাৰত আৰু বাংলাদেশৰ মাজত ক্ৰিকেট সম্পৰ্কত চলি থকা উত্তেজনা সমাধানৰ বাবে আলোচনাৰ আহ্বান জনাইছিল তামিমে।

এই সমগ্ৰ ঘটনাৰ মাজতে বিচিবিয়েও ব্যৱস্থা গ্ৰহণ কৰি নাজমুল ইছলামক কাৰণ দেখুৱাই জাননী জাৰি কৰিছে। ব’ৰ্ডৰ বিবৃতিত কোৱা হৈছে যে, সংশ্লিষ্ট সঞ্চালকৰ বিৰুদ্ধে আনুষ্ঠানিক অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁক ৪৮ ঘণ্টাৰ ভিতৰত লিখিত সঁহাৰি দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। সঁহাৰিৰ ভিত্তিত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

বৰ্তমান বাংলাদেশ ক্ৰিকেটৰ পৰিস্থিতি উত্তেজিত হৈ আছে, আৰু আগন্তুক দিনত বিচিবিৰ সিদ্ধান্তৰ ওপৰত সমগ্ৰ দেশে তীক্ষ্ণ দৃষ্টি ৰাখিছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande