ধিঙত আৰক্ষীয়ে জব্দ কৰে চোৰাং গৰু ভৰ্তি ট্ৰাক
নগাঁৱ, ১৫ জানুৱাৰী (হি.স.)। ধিঙত জব্দ চোৰাং গৰু ভৰ্তি এখন ট্ৰাক । ১৫ টা গৰু ভৰ্তি এখন ট্ৰাক জব্দ কৰে ধিং আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰে আইনুল হক আৰু আনোৱাৰ হুছেইন নামৰ চালক আৰু হেণ্ডিমেন দুজনক।চোৰাংচোৱাৰ পৰা লাভ কৰা গোপন সুত্ৰৰ তথ্য়ৰ ভিত্তিত আৰক্ষী ধিংৰ ৰ
ধিঙত আৰক্ষীয়ে জব্দ কৰে চোৰাং গৰু ভৰ্তি ট্ৰাক


নগাঁৱ, ১৫ জানুৱাৰী (হি.স.)। ধিঙত জব্দ চোৰাং গৰু ভৰ্তি এখন ট্ৰাক । ১৫ টা গৰু ভৰ্তি এখন ট্ৰাক জব্দ কৰে ধিং আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰে আইনুল হক আৰু আনোৱাৰ হুছেইন নামৰ চালক আৰু হেণ্ডিমেন দুজনক।চোৰাংচোৱাৰ পৰা লাভ কৰা গোপন সুত্ৰৰ তথ্য়ৰ ভিত্তিত আৰক্ষী ধিংৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথত খাপপিতি আছিল।চোৰাং গৰু ভৰ্তি ট্ৰাক খন ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছতে আৰক্ষী ট্ৰাক খনত তালাচী চলোৱাত চোৰাং গৰু কেইটা জব্দ কৰে আৰক্ষী।

ধিং আৰক্ষীয়ে জব্দ কৰা গৰু ভৰ্তি বাহন খনৰ পঞ্জীয়ন নম্বৰ হৈছে এএছ ০১কিউ চি ৭৯৭৭। মৰিগাঁৱৰ পৰা নগাঁৱলৈ লৈ গৈ থকা অৱস্থাত নিশা ধিং আৰক্ষীয়ে জব্দ কৰে চোৰাং গৰু ভৰ্তি বাহন খন ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande