জামুগুৰিহাটত অনু্ষ্ঠিত হব লগা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰস্ততিত শ্ৰমদান ইছলাম ধৰ্মীয় লোকৰ
বিশ্বনাথ, ১৫ জানুৱাৰী (হি.স.)। জামুগুৰিহাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰাজ্যিক প্ৰস্তুতি তুংগত। শ্ৰমদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে ইছলাম ধৰ্মীয় লোকে। জামুগুৰিহাটৰ ধলাইবিলত অহা ৬,৭আৰু ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ''ব লগা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫সংখ্য
জামুগুৰিহাটত অনু্ষ্ঠিত হব লগা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰস্ততিত শ্ৰমদান ইছলাম ধৰ্মীয় লোকৰ


বিশ্বনাথ, ১৫ জানুৱাৰী (হি.স.)। জামুগুৰিহাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰাজ্যিক প্ৰস্তুতি তুংগত। শ্ৰমদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে ইছলাম ধৰ্মীয় লোকে। জামুগুৰিহাটৰ ধলাইবিলত অহা ৬,৭আৰু ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব লগা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫সংখ্যক ৰাজ্যিক অধিবেশনৰ প্ৰস্তুতি তুংগত।

অধিবেশনলৈ হাতত মাথো ২১টা দিন বাকী থকা অৱস্থাত জ্যোতি, বিষ্ণু সমন্বয় ক্ষেত্ৰত যুদ্ধকালীনভাৱে চলিছে প্ৰস্তুতিৰ সকলো কাম। অধিবেশন খন সফলভাৱে অনুষ্ঠিত কৰিবলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱক সেৱিকা সকলে দিনে নিশা একাকাৰ কৰি কৰিছে সকলো কাম। অধিবেশন স্থলীত শ্ৰমদান কৰিছে জামুগুৰিহাটৰ বাকোলা গাঁৱৰ ইছলাম ধৰ্মীয় লোকসকলে।

প্ৰতিনিধিৰ শিবিৰ নিৰ্মানত শ্ৰমদান কৰিছে এইসমূহ ইছলাম ধৰ্মীয় লোকে। শ্ৰমদানৰ মাজতেই 'মোৰ মনত ভেদভাব নাই অ আল্লা' শীৰ্ষক জিকিৰ পৰিবেশন কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশন স্থলীত সমন্বয়ৰ বাৰ্তা দিছে এইসকল ইছলাম ধৰ্মালম্বী লোকে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande