
বাক্সা, ১৫ জানুৱাৰী (হি.স.)। বাক্সাৰ শালবাৰীৰ হুদুখাটাত ৫ দিনীয়াকৈ ৭২ সংখ্যক বাথৌ পূজা উদযাপন কৰা হৈছে । বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত হুদুখাটাত আজিৰে পৰা ৫ দিনীয়াকৈ বাথৌ পূজা উদযাপন কৰা পৰিলক্ষিত হয়। এই উপলক্ষে পূজাৰ প্ৰথম দিনটোত বাথৌ পূজাৰ পতাকা উত্তোলন, আৰজ বন্দনা, বাথৌ বাবাৰ ওচৰত পূজা অৰ্চনা আদি ভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
আনহাতে পূজাৰ আটাইকেইটা দিনতেই ৰাতিপুৱা আৰু সন্ধিয়া আৰজ বন্দনা, নিশা চিনেমাকে ধৰি ভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি জানিবলৈ দিয়ে উদযাপন সমিতিয়ে। আজিৰ কাৰ্যসূচীত অঞ্চলটোৰ কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা