শিৱসাগৰৰ ৰংঘৰ বাকৰিত অনুষ্ঠিত ৰংপুৰ মেলা
শিৱসাগৰ, ১৫ জানুৱাৰী (হি.স.)। জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতিৰে জীপাল ঐতিহাসিক ৰংঘৰ। ১৬ বছৰে অবিৰত ভাৱে আয়োজন ৰংপুৰ মেলাৰ। আজি পঢ়িলা মাঘ। তাই আহোম যুৱ পৰিষদৰ উদ্যোগত আজি শিৱসাগৰৰ ৰংঘৰ বাকৰিত ৰংপুৰ মেলা অনুষ্ঠিত হয়। পহিলা মাঘত অনুষ্ঠিত এই মেলা উপলক্ষে আজি
শিৱসাগৰৰ ৰংঘৰ বাকৰিত অনুষ্ঠিত ৰংপুৰ মেলা


শিৱসাগৰ, ১৫ জানুৱাৰী (হি.স.)। জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতিৰে জীপাল ঐতিহাসিক ৰংঘৰ। ১৬ বছৰে অবিৰত ভাৱে আয়োজন ৰংপুৰ মেলাৰ। আজি পঢ়িলা মাঘ। তাই আহোম যুৱ পৰিষদৰ উদ্যোগত আজি শিৱসাগৰৰ ৰংঘৰ বাকৰিত ৰংপুৰ মেলা অনুষ্ঠিত হয়। পহিলা মাঘত অনুষ্ঠিত এই মেলা উপলক্ষে আজি ৰংঘৰ বাকৰিত উদুলি মুদুলি এক পৰিবেশ বিৰাজ কৰে।

তাই আহোম,তিৱা,মিচিং,বিহুকে ধৰি বহুকেইটা জনগোষ্ঠীয় সাংস্কৃতিক দলে এই অনুষ্ঠানত বৰ্ণিল কাৰ্যসূচী পৰিবেশন কৰে। পুৱা পতাকা উত্তোলন, মৈদাম তৰ্পণ অনুষ্ঠানৰ পাছত ৰংপুৰ মেলা আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে। ৰংপুৰৰ ঐতিহ্য,সমন্বয় আৰু সম্প্ৰীতিৰ বান্ধোন শক্তিশালী কৰাৰ বাবে বিগত প্ৰায় ১৬ বছৰে ধৰি ৰংপুৰ মেলাৰ আয়োজন কৰি অহা হৈছে।

কাৰ্যসূচীৰ সৈতে সংগতি পৰম্পৰাগত খেল ধেমালী আয়োজন(পিছল খুটা বগুৱা,ধুপ খেল,টেকেলি ভঙা)আদিকে ধৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। উল্লেখ্য যে ন্যায়ালয়ৰ নিষেধজ্ঞাৰ বাবে ৰংঘৰ বাকৰিৰ অনুষ্ঠিত নহল মঁহ যুজঁ।ৰংঘৰ বাকৰিত ব্যাপক জন সমাগম হোৱা দেখা যায়। ৰংপুৰ মেলা লগত সংগতি ৰাখি এখন স্মৃতি গ্ৰন্থ চে মুন উন্মোচন কৰা হয়। মুঠৰ ওপৰত পহিলা মাঘৰ দিনটোত ৰংঘৰৰ বাকৰিত বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমিৰ সংগম স্থলিলৈ ৰূপান্তৰ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande