
ধুবুৰী, ১৫ জানুৱাৰী (হি.স.)। গৌৰীপুৰৰ নাবালিকা কন্যা ধৰ্ষনকাৰী লম্পট পিতৃক জেল হাজোতলৈ প্ৰেৰণ আৰক্ষীৰ। যোৱা কালি গৌৰীপুৰ সুখ্যাতিখাতা গাওঁত সংঘটিত হৈছিল উক্ত মানৱ সমাজক লজ্জানত কৰা ঘটনাটো। নিজ পিতৃয়েই ধৰ্ষণ কৰিছিল নাবালিকা কন্যা গৰাকীক । নিজ পিতৃয়ে কন্যাক অশ্লীল ভিডিঅ দেখুৱাই যৌনতাৰ তৃপ্তি বৃদ্ধি কৰাই ধৰ্ষণ কৰে লম্পট গৰাকীয়ে।
পিছে পৰিয়ালৰ লোকৰ অভিযোগৰ ভিত্তিত লম্পট পিতৃ ৰতন ৰয়ক ৰূপচী ডাওভাঙি আৰক্ষীয়ে আটক কৰি গৌৰীপুৰ থানাত লকাপত ভৰাই থৈছিল। আজি সোধা পোচাৰ অন্তত গৌৰীপুৰ আৰক্ষী থানাত ২০/২৬ নম্বৰ গোচৰত পচকো আইনৰ অধিনত কেইবাটাও জামিন বিহীন ধাৰা ৬/৮/১২/১৫ গোচৰ পঞ্জীয়ন কৰি আদালতলৈ প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু