ন্যায়ালয়ৰ বাধাৰ পিছতো মৰিগাঁৱত অনুষ্ঠিত হ'ল ম'হযুঁজ
ন্যায়ালয়ৰ বাধাৰ পিছতো মৰিগাঁৱত অনুষ্ঠিত হ'ল ম'হযুঁজ
ন্যায়ালয়ৰ বাধাৰ পিছতো মৰিগাঁৱত অনুষ্ঠিত হ'ল ম'হযুঁজ


ন্যায়ালয়ৰ বাধাৰ পিছতো মৰিগাঁৱত অনুষ্ঠিত হ'ল ম'হযুঁজ


মৰিগাঁও, ১৫ জানুৱাৰী (হি.স.)। পৰম্পৰা ৰক্ষাৰ চেষ্টা অব্য়াহত ৰাখিছে মৰিগাঁৱৰ বৈদ্যবড়ীবাসী ৰাইজে । ন্যায়ালয়ৰ নিষেধাজ্ঞা স্বত্বেও যুঁজৰ বাকৰিলৈ আনিছে গোনা ম'হ। এফালে পৰম্পৰা ৰক্ষা, আনফালে আদালতৰ নিষেধাজ্ঞা। তাৰ মাজতে পৰম্পৰা ৰক্ষা কৰি পহিলা মাঘত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হয় মহ যুঁজ।

উল্লেখ্য় যে বিগত বৰ্ষ সমূহত আদালতৰ নিষেধাজ্ঞাৰ বাবে আনুষ্ঠানিক ভাৱে মহ যুঁজ অনুষ্ঠিত কৰিব পৰা নাছিলে মহ গোৱাল সকলে । এইবেলিও মহামান্য উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ বাবে আনুষ্ঠানিক ভাৱে মহ যুঁজ অনুষ্ঠিত কৰা হোৱা নাই যদিও মহ গোৱাল সকলে মৰিগাঁও জিলাৰ ঐতিহাসিক বৈদ্যবড়িত অনানুষ্ঠানিক ভাবে অনুষ্ঠিত কৰে মহ যুঁজ। ইফালে এই মহ যুঁজ প্ৰত্য়ক্ষ কৰিবলৈ অঞ্চলটোত বহু সংখ্য়ক লোক একত্ৰিত হয়।

---------------

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande