কলিয়াবৰৰ মৌচন্দা পথাৰ পৰ্যবেক্ষণ মন্ত্ৰী পিযুষ হাজৰিকা¸ কেশৱ মহন্ত সহ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙৰ
নগাও, ১৫ জানুৱাৰী (হি.স.)। কলিয়াবৰৰ মৌচন্দা পথাৰ আজি পৰ্যবেক্ষণ কৰিলে মন্ত্ৰী পিযুষ হাজৰিকা¸মন্ত্ৰী কেশৱ মহন্তৰ লগতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে। ১৮ জানুৱাৰীত কলিয়াবৰ মৌচন্দা পথাৰলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। প্ৰায় ৭০০০ কোটি টকাৰ
কলিয়াবৰৰ মৌচন্দা পথাৰ পৰ্যবেক্ষণ মন্ত্ৰী পিযুষ হাজৰিকা¸ কেশৱ মহন্ত সহ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙৰ


নগাও, ১৫ জানুৱাৰী (হি.স.)। কলিয়াবৰৰ মৌচন্দা পথাৰ আজি পৰ্যবেক্ষণ কৰিলে মন্ত্ৰী পিযুষ হাজৰিকা¸মন্ত্ৰী কেশৱ মহন্তৰ লগতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে। ১৮ জানুৱাৰীত কলিয়াবৰ মৌচন্দা পথাৰলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। প্ৰায় ৭০০০ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া কাজিৰঙাৰ এলিভেটেড ক'ৰিডৰৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে।

এই উপলক্ষে কলিয়াবৰৰ মৌচন্দা পথাৰত অনুষ্ঠিত হ'ব প্ৰধানমন্ত্ৰীৰ বিশাল জনসভা। প্ৰায় ডেৰ লাখ লোক উপস্থিত থাকিবলগীয়া প্ৰধানমন্ত্ৰীৰ বিশাল জনসভাস্থলী প্ৰস্তুত কৰাৰ বাবে এতিয়া দিনে-নিশেই ব্যাপক তৎপৰতা চলিছে কলিয়াবৰৰ মৌচন্দা পথাৰত। সভাস্থলী নিৰ্মাণৰ কামত ব্যস্ত হৈ পৰিছে বিভিন্ন চৰকাৰী বিভাগ সমূহ। আজি বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ লগতে মন্ত্ৰী পীয়ুষ হাজৰিকা, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande