
দক্ষিণ শালমাৰা, ১৫ জানুৱাৰী (হি.স.)। হাটশিঙিমাৰীৰ শান্তিপুৰত সংঘটিত হই ভয়ংকৰ পথ দুৰ্ঘটনা। খেৰ ভৰ্ত্তি ট্ৰেক্টৰ আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ সৃষ্টি হয়। দুৰ্ঘটনাত আঘাত প্ৰাপ্ত বাইক চালক আৰু বাইক আৰোহী গৰাকী। আঘাতপ্ৰাপ্ত যুৱক দুজনক সুখচৰ থানা অঞ্চলৰ আৰাটাৰ গাঁৱৰ ছাহাব উদ্দিন মোল্লাৰ পুত্ৰ ৰামানুৰ মোল্লা (১৮) আৰু একেখন গাঁৱৰ আব্দুল মান্নান শ্বেখৰ পুত্ৰ ৰাকিবুল ইছলাম (১৭) বুলি চিনাক্ত কৰা হৈছে ৷
আঘাতপ্ৰাপ্ত দুয়োজনকে স্থানীয় ৰাইজে উদ্ধাৰ কৰি হাটশিঙিমাৰী জিলা চিকিৎসালয়ত ভৰ্ত্তি কৰে যদিও ৰামানুৰ মোল্লা (১৮)ৰ অৱস্থা সংকটজনক হোৱাত চিকিৎসকে গুৱাহাটীলৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু দুৰ্ঘটনাগ্ৰস্থ দুয়োখন বাহন জব্দ কৰি থানালৈ লই যায়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা