মণিপুৰত গ্ৰেপ্তাৰ ৫ উগ্ৰপন্থী
ইম্ফল, ১৫ জানুৱাৰী (হি.স.)। মণিপুৰৰ নিৰাপত্তা বাহিনী আৰু আৰক্ষীয়ে যৌথ অভিযানত ৫জন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে তেওঁলোকৰ পৰা মোবাইল ফোন আৰু চিম কাৰ্ড উদ্ধাৰ কৰে। আৰক্ষীৰ এগৰাকী মুখপাত্ৰই বৃহস্পতিবাৰে জনোৱা মতে, ইম্ফল পশ্চিম জিলাৰ ছেকমাই থ
मणिपुर में गिरफ्तार केवाईकेएल और केसीपी (नोयोन) उग्रवादी ।


ইম্ফল, ১৫ জানুৱাৰী (হি.স.)। মণিপুৰৰ নিৰাপত্তা বাহিনী আৰু আৰক্ষীয়ে যৌথ অভিযানত ৫জন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে তেওঁলোকৰ পৰা মোবাইল ফোন আৰু চিম কাৰ্ড উদ্ধাৰ কৰে।

আৰক্ষীৰ এগৰাকী মুখপাত্ৰই বৃহস্পতিবাৰে জনোৱা মতে, ইম্ফল পশ্চিম জিলাৰ ছেকমাই থানা এলেকাৰ অন্তৰ্গত ছেকমাই খুনৌৰ পৰা বুধবাৰে কেৱাইকেএলৰ শ্বাগোলছেম লোকেশ্বৰ সিং (৩৫) ওৰফে শৰৎ ওৰফে ইবুংগো নামৰ এজন সক্ৰিয় কেডাৰক গ্ৰেপ্তাৰ কৰা হয়। ইম্ফল পশ্চিমৰ কান্তো ছাবালৰ বাসিন্দা, তেওঁ বৰ্তমান মানটপ ইউম্ফাম সাহায্য শিবিৰত থাকিছিল।

তেওঁৰ পৰা জব্দ কৰিছে দুখন চিম কাৰ্ড আৰু এটা মোবাইল ফোন। একেদিনাই এক সুকীয়া অভিযানত ইম্ফল পশ্চিম জিলাৰ ইম্ফল থানা এলেকাৰ অন্তৰ্গত উৰিপক আচোম লেইকাইৰ পৰা কেৱাইকেএল (সোৰেপা)ৰ কেডাৰ শমুলুইলাতপাম অৰ্বিন শৰ্মা ওৰফে ফিৰেপা (১৯)ক গ্ৰেপ্তাৰ কৰে। নোংপক ছেকমাই মাখা লেইকাইৰ বাসিন্দা তেওঁ বৰ্তমান ছালাম মামাং লেইকাইত বাস কৰিছিল। তেওঁৰ পৰা উদ্ধাৰ কৰে এখন চিম কাৰ্ড আৰু এটা মোবাইল ফোন।

তদুপৰি মণিপুৰ আৰক্ষীয়ে ইম্ফল পূৱ জিলাৰ হেইংগাং থানা এলেকাৰ অন্তৰ্গত মণিপুৰীখ্ৰী লামলংগেই মানিং লেইকাইৰ পৰা কেচিপি (নয়ন) সংগঠনৰ তিনিজন কেডাৰক ধন দাবীৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।

লামলাই আৱাং লেইকাইৰ বাসিন্দা চুমখাম তবৰাজ সিং ওৰফে থোইথইবা (১৯), সঞ্জেনবাম মিত্ৰজিৎ সিং ওৰফে কোৰুংগনবা (৫৪), ইম্ফল পশ্চিমৰ ছেগা ৰোড, খোৱাইৰাকপাম লেইকাই, ইম্ফল ইষ্টৰ সাৱোমবুং কলেজ গেটৰ বাসিন্দা ৱায়েংবাম থন (১৯) বুলি জানিব পৰা গৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande