
Assam, 15
অষ্টম বাৰ্ষিক পূষণা মেলাৰ লাইখুঁটা স্থাপন ৷
তামুলপুৰ, ১৫ জানুৱাৰী (হি.স.)।
তামুলপুৰ জিলাৰ মৰংগাপাৰ শিমলিবাৰীত অহা ২৭ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব কোচৰাজবংশী সকলৰ জাতীয় অনুষ্ঠান পূষণা মেলা ৷ আজি আনুষ্ঠানিক ভাৱে পূষণামেলাৰ লাইখুঁটা স্থাপন কৰা হয়। মাংগলিক পৰিবেশত আয়তীৰ উৰুলী আৰু শংখধ্বনিৰে লাইখুঁটা স্থাপন কৰে দৰংগাপাৰ সু সন্তান সমাজকৰ্মী শম্ভু ৰাজবংশীয়ে ৷
তদুপলক্ষে পূষণামেলা উদযাপন সমিতিৰ সভাপতি কেশৱ ৰাজবংশীৰ সভাপতিত্বত এখন সভা আৰম্ভ হয় ৷ কাৰ্যকৰী সভাপতি চন্দ্ৰকান্ত ৰাজবংশীয়ে উদ্যেশ্য বাখ্যা কৰা সভাখনত লাইখুঁটা স্থাপন কৰি শম্ভু ৰাজবংশীয়ে কয় যে পূষণা মেলাৰ জৰিয়তে দৰংগা নদীৰ পাৰত দৰংগাপাৰ - শিমলিগুৰিৰ
পিছপৰা অঞ্চলত আজিও জাতীয় কৃষ্টি সংস্কৃতি জীয়াই ৰাখিবলৈ সক্ষম হৈছে তাৰ বাবে মই দৰংগাপাৰ বাসী কোচৰাজবংশী ৰাইজক ধন্যবাদ জনাইছোঁ ৷
সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিচিৰ তত্বাবধায়ক কাৰ্ৰযবাহী সদস্য পৰমেশ্বৰ ৰায় ৷ পূষণা মেলা উদযাপন সমিতিয়ে কাৰ্যবাহী সদস্য গৰাকীক আজি ৰাজহুৱা সম্বৰ্দ্ধনা জনোৱাৰ লগতে একে অনুষ্ঠানতে মহিলা সমিতি কোচৰাজবংশী সন্মিলন, আক্ৰাছু,কমতাপুৰ ৰাজ্য দাবী সমিতি দৰংগাজুলি বিপিএফ তামুলপুৰ জিলা বিপিএফ আদিকে ধৰি কুৰিটাৰো অধিক দল সংগঠনে কোচৰাজবংশীৰ নেতা গৰাকীক ৰাজহুৱাকৈ সম্বৰ্দ্ধনা জনায় ৷ সম্বৰ্দ্ধনাৰ উত্তৰত তেওঁ কয় যে — কোচৰাজবংশী সকলৰ জাতীয় কৃষ্টি - সংস্কৃতি পৰম্পৰা ৰক্ষাৰ ক্ষেত্ৰত এই মেলাখনে এক মাত্ৰা প্ৰদান কৰিব ৷ মহিলা সকলক উদ্দেশ্যিও কাৰ্যবাহী সদস্য গৰাকীয়ে কৰ্মসংস্কৃতিৰে কাম কৰাৰ লগতে জাতিটোৰ শৈক্ষিক উত্তৰনৰ কাৰনে মহিলা সকলে কাম কৰিব পাৰে বুলিও কয় ৷
অনুষ্ঠানত ৰূপম ৰায়, বিপিএফৰ যুৱ শাখাৰ সম্পাদক অলকেশ ৰায়, পূষণা মেলা উদযাপন সমিতিৰ সম্পাদক দুলাল ৰায় স্থাানীয় নেতা, বিশিষ্ট নাগৰিক সকল উপস্থিত থাকে ৷ সমগ্ৰ অনুষ্ঠানত কোচৰাজবংশী জনগোষ্ঠীৰ লহক নৃত্য সমূহ পৰিবেশন কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু