
ধুবুৰী, ১৫ জানুৱাৰী (হি.স.)। ধুবুৰীৰ আঠানিৰ দালানেৰ আলগাত গৰু চোৰ কৰায়ত্ত কৰা হৈছে । গৰু চুৰি কৰি ৰাইজৰ ৰোষত পৰে দুটা গৰু চোৰ। চোৰ দুটা থুৰীয়া পাহাৰৰ জহিৰুল আৰু বাৰেক বুলি পৰিচয় পোৱা গৈছে ।
জানিব পৰামতে, চোৰ দুটাই পৰ্বতঝোৰাৰ পুৰাণ পানবাৰীৰ পৰা তিনিটা গৰু চুৰি কৰিছিল । চোৰাং গৰু তিনিটা সৰবৰাহৰ কৰতে দালানেৰ আলগাত আটক কৰে ৰাইজে। ৰাইজে চোৰ দুটাক উত্তম মাধ্যম সোধাই আঠানি আৰক্ষীৰ হাতত সমজাই দিয়ে। সম্প্ৰতি আঠানি আৰক্ষীয়ে চোৰ দুটাক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা