
কোকৰাঝাৰ, ১৫ জানুৱাৰী (হি.স.)। বিটিচিৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ ভৌতিক পৰীক্ষণৰ দিন সলনি । অহা ১৭ জানুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত প্ৰদৰ্শিত হ’বলগীয়া বাগৰুম্বা নৃত্যৰ বাবে বিটিচি টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ ভৌতিক পৰীক্ষণ পিছুৱাই দিয়াৰ কথা ঘোষণা কৰিছে শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য তথা বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে৷ পূৰ্বৰ ইউপিপিএল চৰকাৰৰ সময়ত অনুষ্ঠিত হোৱা টেট পৰীক্ষাত উত্তীৰ্ণ পৰীক্ষাৰ্থী সকলৰ নথিপত্ৰ পুনৰীক্ষণ দিন সলনি কৰি অহা ২১, ২২, ২৪ আৰু ২৫ জানুৱাৰী কৰা হৈছে বুলি সদৰি কৰিছে৷
আজি সংবাদ মেলৰ জৰিয়তে কাৰ্যবাহী সদস্য গৰাকীয়ে কয়, বড়ো সকলৰ কলা-সংস্কৃতি ৰক্ষা, উন্নয়ন আৰু প্ৰসাৰ আৰু প্ৰচাৰৰ স্বাৰ্থত গুৱাহাটীত আয়োজন কৰা বাগৰুম্বা নৃত্যত বিটিচি অঞ্চলৰ বহু সংখ্যক টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে নৃত্যৰ অনুশীলনত অংশগ্ৰহণ কৰিছে৷ বিশ্ব দৰবাৰত বড়ো সকলৰ সংস্কৃতি চিনাকি কৰাই দিবলৈ আয়োজন কৰা বাগৰুম্বা নৃত্যই বিশ্ব ৰেকৰ্ড স্থাপন কৰিব৷ এই বিশ্ব ৰেকৰ্ড গঢ়িবলৈ দিনে-নিশাই কঠোৰ অনুশীলনত ব্যস্ত থকা শিল্পী সকলক আশংকা মুক্ত কৰি নৃত্যত অংশগ্ৰহণ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ভৌতিক পৰীক্ষণৰ দিন সলনি কৰা হৈছে৷
অহা ১৭ জানুৱাৰী তাৰিখে বিশ্ববাসীয়ে প্ৰত্যক্ষ কৰিবলগীয়া বাগৰুম্বা নৃত্যত অংশগ্ৰহণ কৰা শিল্পী সকলক শুভেচ্ছা জনাই কাৰ্যবাহী সদস্য গৰাকীয়ে টেট উত্তীৰ্ণ শিল্পী সকলক ভয় আৰু আশংকা মুক্ত হৈ নৃত্য পৰিবেশন কৰি বিশ্ব ৰেকৰ্ড গঢ়াৰ ক্ষেত্ৰত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়৷ এনেকি ২১, ২২ আৰু ২৪ তাৰিখত অনুপস্থিত থকা সকলে ২৫ তাৰিখত ভৌতিক পৰীক্ষণত উপস্থিত হৈ নিজৰ নথিপত্ৰ বাছনি কৰাৰ সুযোগ পাব বুলিও প্ৰকাশ কৰিছে৷ এনেকি পৰীক্ষণৰ দিন সলনিৰ বিষয়ে প্ৰতি গৰাকী ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু ৰাইজক বহলভাৱে প্ৰচাৰ কৰিবলৈ আহ্বান জনায়
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ