টীয়ক ক্লথ বেংকৰ উদ্যোগত বস্ত্ৰ বিতৰণ কাৰ্যসূচী
যোৰহাট, ১৫ জানুৱাৰী (হি.স.)। টীয়ক ক্লথ বেংকৰ উদ্যোগত বস্ত্ৰ বিতৰণ কাৰ্যসূচী। সামাজিক মাধ্যমত মানুহে মানুহৰ বাবে শ্ল''গানেৰে ২০২৩ বর্ষত সৃষ্টি হোৱা টীয়ক ক্লথ বেংকৰ উদ্যোগত ২০২৬ বর্ষৰ প্ৰথমটো কাৰ্যসূচী হিচাপে টীয়ক চাহ বাগানৰ আৰ্থিক ভাৱে পিছপৰা বহু ব্
টীয়ক ক্লথ বেংকৰ উদ্যোগত বস্ত্ৰ বিতৰণ কাৰ্যসূচী ।


যোৰহাট, ১৫ জানুৱাৰী (হি.স.)। টীয়ক ক্লথ বেংকৰ উদ্যোগত বস্ত্ৰ বিতৰণ কাৰ্যসূচী। সামাজিক মাধ্যমত মানুহে মানুহৰ বাবে শ্ল'গানেৰে ২০২৩ বর্ষত সৃষ্টি হোৱা টীয়ক ক্লথ বেংকৰ উদ্যোগত ২০২৬ বর্ষৰ প্ৰথমটো কাৰ্যসূচী হিচাপে টীয়ক চাহ বাগানৰ আৰ্থিক ভাৱে পিছপৰা বহু ব্যক্তিক বস্ত্ৰ আৰু কম্বল আজি বিতৰণ কৰে।

উল্লেখযোগ্য যে টীয়ক ক্লথ বেংকে বিশেষকৈ বানপানীৰ সময়ছোৱাত বিভিন্ন আৰ্তজনৰ কাষত থাকি কাপোৰ যোগান ধৰাৰ সমান্তৰালকৈ বিভিন্ন সময়ত আৰ্ত সকলৰ বাবে খাদ্য সামগ্ৰী,খোৱাপানী আদি যোগান ধৰি ৰাইজক সহায় কৰি আহিছে। আজিৰ এই বৰ্ষৰ প্ৰথমটো কাৰ্যসূচীত বিশেষভাৱে উপস্থিত থাকে টীয়কৰ সমাজকৰ্মী অসীম বৰুৱা। ইপিনে বিগত সময়চোৱাত টীয়ক ক্লথ বেংকে বৃহত্তৰ টীয়কৰ ৰাইজৰ সহযোগত নিস্বাৰ্থ ভাৱে বিভিন্ন সামাজিক কাম কাজ কৰি ৰাইজৰ সমাদৰ লাভ কৰিছে আৰু এইদৰে অনাগত দিনটো এইদৰে ৰাইজৰ হকে কাম কৰি যোৱাৰ সংকল্প লৈ আজিৰ এই কাৰ্যসূচীত সহায় সহযোগিতা আগবঢ়োৱা সমূহ ৰাইজলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে টীয়ক ক্লথ বেংকৰ উদ্যোক্তা সকলে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande