
শোণিতপুৰ, ১৫ জানুৱাৰী (হি.স.)।জামুগুৰিহাটৰ বাকোলাত অহা ২২ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব সদৌ অসম ভিত্তিত ৪১তম মফিজুদ্দিন আহমেদ সোঁৱৰণি দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগীতা ৷ সদৌ অসম ভিত্তিত অনুষ্ঠিত হ'ব এই ক্ৰিকেট প্ৰতিযোগিতা খন ৷
বাকোলা ক্ৰিকেট ক্লাৱৰ উদ্যোগত অনুষ্ঠিত হ'ব লগা এই ক্ৰিকেট প্ৰতিযোগিতাত প্ৰথম শ্ৰেষ্ঠ বিজয়ীক নগদ ট্ৰফী সহ দুই লাখ টকা আৰু দ্বিতীয় শ্ৰেষ্ঠ দলক নগদ ট্ৰফী সহ আঁশী হেজাৰ টকা প্ৰদান কৰা হ'ব ৷ প্ৰতিযোগীতাৰ মেন অব দা চিৰিজক এখন আধুনিক বাই চাইকেল প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে উদ্যোক্তা সকলে ৷
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু