টিহু হাৰিভাঙ্গা কলীয়া গোঁসাই থানত পহিলা মাঘৰ ধৰ্মসভাৰ সাংস্কৃতিক শোভাযাত্ৰা আৰু ভাগৱত প্ৰদক্ষিণ
টিহু হাৰিভাঙ্গা কলীয়া গোঁসাইৰ থানৰ পৰা উলিওৱা হৈছে পহিলা মাঘৰ ধৰ্মসভাৰ সাংস্কৃতিক শোভাযাত্ৰা আৰু ভাগবত প্ৰদক্ষিন ।
টিহু হাৰিভাঙ্গা কলীয়া গোঁসাই থানত পহিলা মাঘৰ ধৰ্মসভাৰ সাংস্কৃতিক শোভাযাত্ৰা আৰু ভাগৱত প্ৰদক্ষিণ


নলবাৰী, ১৫ জানুৱাৰী (হি.স.): ৰাম লক্ষ্মন আগে আগে পিচে পিচে ভকত বৈষ্ণৱক লগত লৈ গায়ন বায়নেৰে টিহু হাৰিভাঙ্গা কলীয়া গোঁসাইৰ থানৰ পৰা উলিয়ায় ধৰ্মীয় সাংস্কৃতিক শোভাযাত্ৰা। সমন্বয়ৰ বাৰ্তাৰে টিহু হাৰিভাঙ্গা কলীয়া গোঁসাইৰ থানৰ পৰা উলিওৱা হৈছে পহিলা মাঘৰ ধৰ্মসভাৰ সাংস্কৃতিক শোভাযাত্ৰা আৰু ভাগৱত প্ৰদক্ষিণ ।

কলীয়া গোসাঁইৰ থানৰ পৰা হাৰিভাংগা গাঁৱৰ মাজেৰে উলিওৱা হয় এই শোভাযাত্ৰা । এই উপলক্ষত এক উদুলি মৃদুলি পৰিৱেশ বিৰাজ কৰে পবিত্ৰ কলীয়া গোঁসাইৰ থানৰ পদূলিত । বাৰে ৰহনীয়া সংস্কৃতিক শোভাযাত্ৰাই মোহিত কৰি তোলে সকলোকে। ভিন্ন জাতি জনগোষ্ঠীৰ পৰিৱৰ্তে ভকত বৈষ্ণৱ, জ্যেষ্ঠ ব্যক্তি, মহাবিদ্যালয়ৰ শিক্ষাগুৰু, আয়তীসকলৰ সমাহাৰ ঘটে এই ধৰ্মীয় শোভাযাত্ৰাত ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande