
কামৰূপ, ১৫ জানুৱাৰী (হি.স.): আজি মাঘ মাহৰ প্ৰথমটো দিন। পহিলা মাঘৰ দিনা তীৰ্থ নগৰী হাজোত অনুষ্ঠিত হয় মণিকূট উৎসৱ আৰু সমন্নয় শোভাযাত্ৰা।
আছুৰ উদ্যোগত পোৱামক্কা দৰগাহৰ পৰা মাধৱ মন্দিৰলৈ উলিওৱা হয় সমন্নয় শোভাযাত্ৰা । সমন্নয় আৰু ভাতৃত্বৰ বাৰ্তা কাঢ়িয়াই নিব পোৱামক্কা দৰগাহৰ খাদিম আৰু মাধৱ মন্দিৰৰ দলৈ । অংশ লয় আছুৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা,সাধাৰণ সম্পাদক সমীৰণ ফুকন।উপস্থিত থাকিব কেইবাগৰাকীও অভিনেতা অভিনেত্ৰী, শিল্পী,কলা কুশলীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ