
চিৰাং, ১৫ জানুৱাৰী (হি.স.)। চিৰাং জিলাৰ বিজনীত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। বিজনী জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত বিধানসভা সমষ্টিৰ অন্তৰ্গত ৩০,৬৮০ গৰাকী মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধিনত ১০ হেজাৰ টকাৰ চেক বিতৰণ কৰে।
ৰাজ্যৰ মহিলা সকলক আৰ্থিকভাৱে শক্তিশালী আৰু স্বাৱলম্বী কৰি লাখপতি বাইদেউ গঢ়াৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীয়ে ৰূপায়ন কৰা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে আত্ম সহায়ক গোটৰ মহিলা সকলক উপযুক্ত সন্মান আৰু উৎসাহ যোগাইছে।
চেক বিতৰণ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, বিবিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী, সাংসদ জয়ন্ত বসুমতাৰী, বিবিচিৰ কাৰ্যবাহী সদস্য ধীৰাজ বৰগয়াৰী, বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়সহ কেবাগৰাকীও পাৰিষদ, জিলা আয়ুক্ত যতীন বৰা উপস্থিত থাকে।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু