মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত চিৰাঙৰ বিজনীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চেক বিতৰণ
মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত চিৰাঙৰ বিজনীত চেক বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত চিৰাঙৰ বিজনীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চেক বিতৰণ


চিৰাং, ১৫ জানুৱাৰী (হি.স.): মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত আজি চিৰাঙৰ বিজনীত চেক বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । বিজনী চহৰস্থিত বিজনী জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হয় এই চেক প্ৰদান কাৰ্যসূচী।

এই কাৰ্যসূচীত ২০ নং বিজনী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৩০,৬৮০ গৰাকী মহিলাক ১০ হাজাৰ টকাকৈ চেক প্ৰদান কৰা হয়। সাংবাদিকৰ বাহিৰে এজনো পুৰুষ উপস্থিত নথকা এই সভাৰ শলাগ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইমান ডাঙৰ মহিলাৰ সভা ইয়াৰ গতে দেখা নাই বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে বিজনীত চৰকাৰৰ পৰা ৩১ কৌটি টকা যাব। ইয়াৰে এক টকাও পুৰুষৰ একাউণ্টত নোসোমায়। তেওঁ লগতে মহিলা সকলক নিজৰ দায়িত্ব পালন কৰি যাবলৈ আহ্বান জনায় কয় যে কেৱল ১০ হাজাৰ টকা ল'লে নহ'ব। লাখপতি বাইদেউ হ'ব লাগিব। অসমত আজি ৮ লাখ লাখ পতি বাইদেউ আছে । বিজনীত ইতিমধ্যে ৪,২৫৬ গৰাকী মহিলাৰ বছৰি ১ লাখতকৈ বেছি টকা উপাৰ্জন কৰে। তেওঁ কয় যে এই আঁচনি কেৱল ১০ হাজাৰ টকা দিয়াৰ আঁচনি নহয়, লাখ পতি বনোৱাৰ আঁচনি।

ভাষণ প্ৰসংগত দহ হাজাৰ টকা কেনেকৈ ব্যৱহাৰ কৰিব সেই বিষয়ে ৰাইজক অবগত কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে ছয় মাহ পিছত ঘৰত গৈ সুধিম দহ হাজাৰ টকা ক'ত খৰচ কৰিলে। ব্যৱসায়ীক কামত লগালে পুনৰ ২৫ হাজাৰ টকা প্ৰদান কৰিব বুলি উল্লেখ কৰে। সঠিক ভাবে উপাৰ্জনৰ কামত ব্যৱহাৰ কৰিলে ইয়াৰ পিছত তৃতীয় বছৰত আকৌ ৫০ হাজাৰ টকা প্ৰদান কৰা হ'ব।

ইফালে কংগ্ৰেছৰ ছ'চিয়েল মিডিয়া চলোৱা জনকে ধৰি তেওঁলোকৰ অসমীয়া সংস্কৃতিৰ লগত পৰিচয় নাই বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। কোনোবাক নিশ্বয় ভাড়া দিছে। মেজি জ্বলোৱা আৰু বিল্ডিং এটা জ্বলোৱা ফটোৰ মাজত প্ৰাৰ্থক্য আছে। মেজিত আমি জুই জ্বলাও যাতে অন্ধকাৰ গুচি পোহৰ আহে। বিন্ডিং জ্বলাও যাতে সেই ঘৰখন ধ্বংস হৈ যায়। বিহুৰ দিনত কোনো অসমীয়া মানুহে কাৰো বেয়া কথা নাভাবে । ইফালে আগন্তুক নিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে বিটিচি নিৰ্বাচনত আমি হাৰিলোঁ যাৰ বাবে বিধানসভা নিৰ্বাচনত ইমান উচ্ছাস উদ্দিপনা নাই। ইয়াত মিত্ৰ দলৰ সৈতে আলোচনা কৰি সিদ্ধান্ত লোৱা হ'ব।

ইফালে এই অনুষ্ঠানত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী অংশগ্ৰহণ কৰি‌ কয় বিজনী অঞ্চলৰ আই মাতৃ সকলৰ বাবে অতি ভাল দিন। আপোনালোকৰ আশা আজি সফল হ'ব। আঁচনি পোৱা পিছত নিশ্চিয় ভাল কামত লগাব আৰু আগুৱাই যাব পাৰিব। দুখীয়া লোকক, আত্মসহায়ক গোটক, নিবনুৱা, বিকলাংগ, জ্যেষ্ঠ ব্যক্তিক আৰ্থিক সাহায্য প্ৰদান কৰা, মাটিৰ পাট্টা প্ৰদান কৰা কাম ১০ ফেব্ৰুৱাৰী বিটিচি চুক্তিৰ দিনত আৰম্ভ কৰিব বুলি হাগ্ৰামা মহিলাৰীয়ে জনায়। বিটিচি নিৰ্বাচনৰ পূৰ্বে আমি দিয়া প্ৰতিশ্ৰুতিবোৰ মনত নাথাকিলে নাপাব, মনত থাকিলেহে পাব। আপোনালোকে পাহৰিলে আমিও পাহৰি যাম বুলি হাগ্ৰামা মহিলাৰীয়ে ব্যক্ত কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande