বিলাসীপাৰাত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ তথা প্ৰথমটো সৌৰ শক্তিৰ প্ৰকল্প উদ্ধোধন
বিলাসীপাৰাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দুটাকৈ অনুষ্ঠান
বিলাসীপাৰাত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ তথা প্ৰথমটো সৌৰ শক্তিৰ প্ৰকল্প উদ্ধোধন


ধুবুৰী, ১৫ জানুৱাৰী (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি দুটাকৈ অনুষ্ঠানত অংশগ্ৰহণ কৰে। বিলাসীপাৰা আই এন এ খেলপথাৰত অনুষ্ঠিত হয় মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচী। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ১০ নং বিলাসীপাৰা বিধানসভা সমষ্টিৰ ১৮,৩৭৫ গৰাকী লাখপতি বাইদেউৰ মাজত বিতৰণ কৰে চেক। চেক লাভ কৰি আনন্দত উৎফুল্লিত লাখপতি বাইদেউ। প্ৰথম পৰ্যায়ৰ ১০ হাজাৰ টকা ভাল কামত লগালে দ্বিতীয় পৰ্যায়ত লাখপতি বাইদেউয়ে লাভ কৰিব ২৫ হাজাৰকৈ টকা আৰু তৃতীয় পৰ্যায়লৈ লাভ কৰিৱ ৫০ হাজাৰকৈ টকা।

বিলাসীপাৰা আই এন এ খেলপথাৰৰ অনুষ্ঠান শেষ কৰি মুখ্যমন্ত্ৰীয়ে বিলাসীপাৰাৰ খুদিগাঁৱত শুভ উদ্বোধন কৰে অসমৰ প্ৰথমটো সৌৰ শক্তিৰ প্ৰকল্প। খুদিগাঁৱত ৩৫০ কোটি টকা ব্যায় সাপেক্ষে ১০০০ বিঘা ভূমিত নিৰ্মাণ কৰা ৭০ মেঘাৱাটৰ সৌৰ শক্তি প্ৰকল্পৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে। বিলাসীপাৰাত সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কেইবাটাও তাৎপৰ্য্যপূৰ্ণ মন্তব্য আগবঢ়ায়- গৌৰৱ গগৈৱে ৰেজাউল কৰিমক হিৰো হোৱাৰ ব্যৱস্থাহে কৰি দিলে। বহু বিবাহ কৰা স্বামীক দমন কৰিবলৈ অসমত মুখ্যমন্ত্ৰীয়ে জাৰি কৰিৱ ১১৪ নম্বৰৰ বিনামূলীয়া হেল্প লাইন নম্বৰ। কোনো স্বামীয়ে প্ৰথমা পত্নী থকাৰ পিছতো দ্বিতীয় বিবাহ কৰিলে ১৪ বছৰৰ জেল হ'ব আৰু তৃতীয় বিবাহ কৰিলে ২১ বছৰলৈ জেল হাজতত থাকিৱ লাগিৱ স্বামী। বাংলাদেশেৰ হিন্দুৰ ওপৰত কৰা নিৰ্যাতনক তীব্ৰ নিন্দা কৰে মুখ্যমন্ত্ৰীয়ে।

উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে বিলাসীপাৰাৰ আই এন এ খেলপথাৰৰ অনুষ্ঠানত উপস্থিতিত হোৱাৰ কিছু সময় পূৰ্বে সৃষ্টি হয় হাহাকাৰ পৰিস্থিতি। লাখপতি বাইদেউ অভিযানৰ চেক ল’বলৈ আহি অস্বাভাবিক ভিৰৰ মাজত এগৰাকী গৰ্ভৱতী মহিলাই জন্ম দিয়ে দুটাকৈ যমজ সন্তান। পিছত চাপৰৰ মহিলা গৰাকীক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় চিকিৎসালয়লয়ত। সম্প্ৰতি দুটাকৈ সন্তান প্ৰসৱ কৰা মাতৃ-সন্তান সম্পূৰ্ণ সুস্থ থকা বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande