নাহৰকটীয়া চাঁচনি আমগুৰিত চুতীয়া সাংস্কৃতিক যুৱ সমাৰোহত উন্মোচিত হ’ব বীৰাংগনা সাধনীৰ বিশাল প্ৰতিমূৰ্তি
নাহৰকটীয়াৰ চাঁচনি আমগুৰিত ১৯ আৰু ২০ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে চুতীয়া সাংস্কৃতিক যুৱ সমাৰোহ।
নাহৰকটীয়া চাঁচনি আমগুৰিত চুতীয়া সাংস্কৃতিক যুৱ সমাৰোহত উন্মোচিত হ’ব বীৰাংগনা সাধনীৰ বিশাল প্ৰতিমূৰ্তি


​ডিব্ৰুগড়, ১৫ জানুৱাৰী (হি.স.): চুতীয়া জনগোষ্ঠীয় কলা-কৃষ্টি আৰু সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে অহা ১৯ আৰু ২০ জানুৱাৰীত নাহৰকটীয়াৰ চাঁচনি আমগুৰিত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব চুতীয়া সাংস্কৃতিক যুৱ সমাৰোহ। এই লৈ বৰ্তমান সমগ্ৰ চাঁচনি অঞ্চলত এক উছৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে।

​উদ্যোক্তাসকলে জানিবলৈ দিয়া মতে, এই সমাৰোহৰ অন্যতম মূল আকৰ্ষণ হ’ব চুতীয়া ৰাজবংশৰ বীৰাংগনা সতী সাধনীৰ এটি নৱনিৰ্মিত বিশাল প্ৰতিমূৰ্তি। প্ৰায় ২২ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই বীৰাংগনা সাধনীৰ মূৰ্তিটো সমাৰোহৰ বিশেষ কাৰ্যসূচীত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ’ব। এই ঐতিহাসিক ক্ষণটোৱে অঞ্চলটোৰ সাংস্কৃতিক গৰিমা বৃদ্ধি কৰিব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে।

​অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰিবলৈ অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। লগতে অসম চৰকাৰৰ সাংস্কৃতিক দপ্তৰৰ মন্ত্ৰী বিমল বৰা, নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈৰ উপৰিও ৰাজ্যৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি আৰু আমন্ত্ৰিত অতিথি এই সমাৰোহত উপস্থিত থাকিব।

​দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই সমাৰোহত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, আলোচনা চক্ৰ আৰু জনগোষ্ঠীয় পৰম্পৰা প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে। এই অনুষ্ঠানত সমগ্ৰ চুতীয়া জনগোষ্ঠীৰ ৰাইজৰ লগতে সমূহ অসমবাসীৰ উপস্থিতি আৰু সহায়-সহযোগিতা উদ্যোক্তাসকলে আন্তৰিকতাৰে কামনা কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande