পহিলা মাঘত অনুষ্ঠিত হ’ল ঐতিহ্যমণ্ডিত আঁহতগুৰি ম’হযুঁজ আৰু ৰহাৰ দেউবালি ম’হযুঁজ
নগাঁও, ১৫ জানুৱাৰী (হি.স.)। উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞাক আওকান কৰি পহিলা মাঘত অনুষ্ঠিত হ’ল ঐতিহ্যমণ্ডিত আঁহতগুৰি ম’হযুঁজ আৰু ৰহাৰ দেউবালি ম’হযুঁজ৷ আঁহতগুৰি ম’হযুঁজ সমিতিয়ে আনুষ্ঠানিক ভাৱে ম’হযুঁজ বাতিল কৰিলেও নগাঁও, মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ গ
পহিলা মাঘত অনুষ্ঠিত হ’ল ঐতিহ্যমণ্ডিত আঁহতগুৰি ম’হযুঁজ আৰু ৰহাৰ দেউবালি ম’হযুঁজ


নগাঁও, ১৫ জানুৱাৰী (হি.স.)। উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞাক আওকান কৰি পহিলা মাঘত অনুষ্ঠিত হ’ল ঐতিহ্যমণ্ডিত আঁহতগুৰি ম’হযুঁজ আৰু ৰহাৰ দেউবালি ম’হযুঁজ৷ আঁহতগুৰি ম’হযুঁজ সমিতিয়ে আনুষ্ঠানিক ভাৱে ম’হযুঁজ বাতিল কৰিলেও নগাঁও, মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ গোৱাল সকলে নিজস্বভাৱে যুঁজালে নিজৰ নিজৰ গোনাম’হ সমূহ৷

মাঘৰ আজিৰ দিনটোলৈ ম’হযুঁজৰ বাবে পোহনীয়া মহ কেইটাক উপযুক্ত প্ৰশিক্ষণ দি উপযুক্ত কৰিতোলে গোৱাল সকলে। বৃহস্পতিবাৰে পুৱাৰে পৰা গোৱাল সকলে ঢোল তাল বজাই আঁহতগুৰি আৰু দেউবালি ম’হযুঁজ স্থলীলৈ আনে আৰু ম’হেও এনেদৰে প্ৰচণ্ড যুঁজ দি শ শ দৰ্শকক আমোদ দিয়ে৷ এয়াই যে মাঘবিহুৰ মাদকতা৷ এফালে ন্যায়ালয়ৰ বাধা, আনফালে ঐতিহ্য আৰু পৰম্পৰা ৰক্ষাৰ প্ৰয়াস৷ অৱশ্য়ে মহ যুজ অনুষ্ঠিত হলেও জিলা প্ৰশাসনে ইয়াত কোনো আনুষ্ঠানিক অনুমতি প্ৰদান কৰা নায়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande