
ধুবুৰী, ১৫ জানুৱাৰী (হি.স.)। বিলাসীপাৰা সমজিলাত ৭০টা মেগা ৱাৰ্ডৰ সৌৰশক্তি প্ৰকল্পৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে উপস্থিত থাকে শক্তি মন্ত্ৰী প্ৰশান্ত ফুকন। ১০০০ বিঘা ভুমিত ৩৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈছে এই সৌৰশক্তি প্ৰকল্প।
আজি বিলাসীপাৰা সমজিলাত হেলিকপ্টাৰ যোগে উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।
বিলাসীপাৰা সমজিলাৰ অন্তৰ্গত বিলাসীপাৰা আই এন এ খেল পথাৰত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত চেক প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি ১৮৩৭৫ গৰাকী মহিলাক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চেক বিতৰণ কৰে। পিছলৈ মুখ্যমন্ত্ৰী গৰাকীয়ে সমজিলাৰে অন্তৰ্গত ১ হাজাৰ বিঘা ভুমিত ৩৫০ কোটি টকা ব্যয় সাপেক্ষ খুদিগাঁৱত নৱ নিৰ্মিত হোৱা সৌৰশক্তি প্ৰকল্পৰ উদ্বোধন কৰে। অসম চৰকাৰ লক্ষ্য সৌৰ শক্তিৰে ২ হাজাৰ মেগা ৱাৰ্ড বিদুৎ উৎপাদন কৰিব ৰাজ্যত। বৰ্তমানে ৰাজ্যত ৭৩০ মেগা ৱাৰ্ড সৌৰশক্তিৰে বিদুৎ উৎপাদন হবলৈ গৈ আছে। উল্লেখযোগ্য যে উক্ত ভুমিডোখৰ বেদখল আছিল। বেদখল মুক্ত কৰাৰ পিছত সৌৰশক্তি প্ৰকল্পটো নিৰ্মাণ কৰে।
ইপিনে ধুবুৰী জিলাত বেদখল থকা ভুমিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী গৰাকী উল্লেখ কৰে যে বেদখলকৃত ভুমিত উচ্ছেদ হব কিন্ত প্ৰকল্প তথা আঁচনি থাকিলে উচ্ছেদ হব নহলে উচ্ছেদিত ঠাই দখল হয়। বৰ্তমানে ধুবুৰী জিলাত কোনো ধৰণৰ উচ্ছেদ নহয়।
আনপিনে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী গৰাকী প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ধুবুৰী জিলাৰ খিলঞ্জীয়া ৰাইজ এতিয়া সাহসী হৈছে। আগৰ দৰে নাই। এন আৰ চিত যেতিয়া মানুহৰ নাম সন্নিৱিষ্ট হৈছে। মই ইচ্ছা কৰিলেও কাকো বাহিৰলৈ পঠাই দিব নোৱাৰো। আগন্তুক নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী জয়ী হ'লে খিলঞ্জীয়া ৰাইজ অধিক শক্তিশালী হ'ব।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা