টংলাত অৰুণোদয় সংঘৰ উদ্যোগত ৰূপালী জয়ন্তী বৰ্ষৰ ভোগালী উৎসৱ উদযাপন
ওদালগুৰি, ১৫ জানুৱাৰী (হি.স.)। টংলাৰ দক্ষিণ নলবাৰীত অৰুণোদয় সংঘৰ উদ্যোগত ৰূপালী জয়ন্তী বৰ্ষৰ ভোগালী উৎসৱ উদযাপন। ১৫ আৰু ১৬ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে টংলা দক্ষিণ নলবাৰীত উদযাপন হয় ভোগালী উৎসৱ। আজি প্ৰথম দিনা পুৱাৰে পৰা পতাকা উত্তোলন, গছপুলি ৰোপণ,
টংলাত অৰুণোদয় সংঘৰ উদ্যোগত ৰূপালী জয়ন্তী বৰ্ষৰ ভোগালী উৎসৱ উদযাপন


ওদালগুৰি, ১৫ জানুৱাৰী (হি.স.)। টংলাৰ দক্ষিণ নলবাৰীত অৰুণোদয় সংঘৰ উদ্যোগত ৰূপালী জয়ন্তী বৰ্ষৰ ভোগালী উৎসৱ উদযাপন। ১৫ আৰু ১৬ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে টংলা দক্ষিণ নলবাৰীত উদযাপন হয় ভোগালী উৎসৱ। আজি প্ৰথম দিনা পুৱাৰে পৰা পতাকা উত্তোলন, গছপুলি ৰোপণ, শ্বহীদ তৰ্পণ,প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছবিত মাল্যৰ্পণৰ পিছতে সৰু ল'ৰা ছোৱালীৰ পৰা বয়োজ্যেষ্ঠ লৈ অনুষ্ঠিত হয় পৰম্পৰা গত খেল ধেমালিৰ প্ৰতিযোগিতা।

আনহাতে অহাঁ‌ কালি দ্বিতীয় দিনা, গীত, মাত সাংস্কৃতিক অনুষ্ঠানৰ লগতে মুকলি সভা অনুষ্ঠিত হ'ব। যান্ত্ৰিকতাৰ দিনত ক্ৰমান্বয়ে পাহৰিব ধৰা দৌৰা, জপিয়া, কল গছত উঠা, ৰছিটনা,কুকুৰা যুঁজ, টেকেলি ভঙা,উঠা বহা খেলকে ধৰি পৰম্পৰা গত খেলসমূহ ভোগালী উৎসৱৰ জৰিয়তে নৱ প্ৰজন্মক পৰিচয় কৰি দিয়াৰ প্ৰয়াস অৰুণোদয় সংঘৰ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande