
নগাঁৱ, ১৫ জানুৱাৰী (হি.স.)। নগাঁৱৰ ৰাইডঙীয়াত পৰম্পৰাগত ভোগালীৰ এসাজ । ৰাইডঙীয়াৰ নতুন ভোগবাৰীত ভোগালীৰ প্ৰীতিৰ এসাজ ।
বহুদিনৰে পৰা গাওঁখনৰ সকলোৱে ভোগালীত একেলগে মাছে মাংসই এসাজ খোৱাৰ পৰম্পৰা । গাওঁখনৰ বয়োবৃদ্ধৰ মতে ৭৬ বছৰ পুৰণি এই পৰম্পৰা।
আজি এই প্ৰীতি ভোজ উপলক্ষে পুৱাৰ পৰা গাওঁখনত উখল মাখল পৰিৱেশ। গাওঁখনৰ সকলোৱে মিলি আনন্দ উচাহৰ মাজেৰে কটাব আজিৰ দিনটো ।পৰম্পৰা অনুসৰি প্ৰতিবাৰেই ভোজস্থলীতেই অহাবাৰৰ ভোজৰ বাবে মাছ মাংস বা সামগ্ৰী আন্তৰিকতাৰে দান দিয়াৰ কথা ব্যক্ত কৰে গাওঁবাসীয়ে । ভোগালীৰ এই প্ৰীতিৰ এসাজে গাওঁখনৰ ঐক্য ,সম্প্ৰীতিৰ লগতে ইজনে সিজনক সহায় কৰাৰ প্ৰৱনতাৰ এক উজ্জ্বল নিদৰ্শন ডাঙি ধৰিছে ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু