বাক্সাৰ ককলাবাৰী আঞ্চলিক বাথৌ মন্দিৰত অনুষ্ঠিত বাথৌ মহাসভাৰ
বাক্সা ১৫ জানুৱাৰী (হি.স.)। পবিত্ৰ মাঘৰ পহিলা দিন উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলাৰ শিমলাস্থিত ককলাবাৰী আঞ্চলিক বাথৌ মন্দিৰত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে বাথৌ মহাসভা অনুষ্ঠিত হৈছে। আজি উৎসৱৰ প্ৰথম দিনা বুঢ়ায় বাথৌক আৰধনাৰ বাবে প
বাক্সাৰ ককলাবাৰী আঞ্চলিক বাথৌ মন্দিৰত অনুষ্ঠিত বাথৌ মহাসভাৰ


বাক্সা ১৫ জানুৱাৰী (হি.স.)। পবিত্ৰ মাঘৰ পহিলা দিন উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলাৰ শিমলাস্থিত ককলাবাৰী আঞ্চলিক বাথৌ মন্দিৰত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে বাথৌ মহাসভা অনুষ্ঠিত হৈছে। আজি উৎসৱৰ প্ৰথম দিনা বুঢ়ায় বাথৌক আৰধনাৰ বাবে পুৱাৰে পৰা আৰজ বন্দনাৰ কাৰ্যসূচীৰ আয়োজন কৰা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে মাঘ মাহৰ দ্বিতীয় মঙলবাৰৰ দিনটো অসম চৰকাৰে বড়ো সম্প্ৰদায়ৰ ধৰ্মীয় উৎসৱ বাথৌক চৰকাৰী উৎসৱ ঘোষণা কৰাৰ পিছতে বাক্সাকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই উৎসৱ মাঘ মাহৰ দ্বিতীয় মঙল বাৰৰ দিনটো পালন কৰে যদিও মাঘৰ মাহটো ধৰ্মীয় মাহ হিচাপে লৈ প্ৰতিটো বাথৌ মন্দিৰতেই প্ৰতি বছৰে বড়ো সম্প্ৰদায়ৰ বাথৌ ধৰ্মালম্বী লোক সকলে সকলৰে মঙল কামনা কৰি ঈশ্বৰক আৰধনা কৰি আহিছে। উক্ত বাথৌ মহোৎসৱৰ কাইলৈ সামৰণি পৰিব।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande