
বৰপেটা, ১৫ জানুৱাৰী (হি.স.)। বৰপেটা ৰোডত ইটোৰ পিচত সিটো চুৰিৰ ঘটনাই আৰক্ষীৰ নীদ্ৰা হৰণ কৰাৰ পিচত এইবাৰ এক্সন মুডত আৰক্ষী। বৰপেটা ৰোড আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ চুৰি সোণ ৰূপৰ অলংকাৰ সহ ৬জন গভাইট চোৰ গ্ৰেপ্তাৰ । আনহাতে চোৰ কেইজনৰ জিম্মাৰ পৰা কেইবা হাজাৰ নগদ ধনো উদ্ধাৰ কৰা হৈছে ।
ধৃত চোৰ কেইজন হৈছে ছাদ্দাম আলী, সঞ্জীব হৰিজন, তাপস পাল, আছান উদ্দিন আহমেদ, ৰাকিবুল আলী আৰু জাকিৰ হুছেইন। চোৰ কেই জনৰ পৰা উদ্ধাৰ হোৱা সোণ ৰূপৰ অলংকাৰৰ পৰিমাণ দেখি স্তম্ভিত সকলো। উদ্ধাৰ সোণ ৰূপৰ অলংকাৰ সমুহৰ পৰিমাণ প্ৰত্যক্ষ কৰি এক প্ৰকাৰ গহণাৰ দোকান যেন হৈ পৰিছে বৰপেটাৰোড থানা। আৰক্ষীয়ে সম্প্ৰতি চোৰ কেই জনক সোধাপোচা চলাই আছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা