বাংলাদেশ ক্ৰিকেটৰ বাবে এক গুৰুত্বপূৰ্ণ দিন-খেলুৱৈসকলৰ বিচিবিৰ সঞ্চালকৰ বিৰুদ্ধে প্ৰতিবাদ
ঢাকা, ১৫ জানুৱাৰী (হি.স.)। ভাৰতৰ বিৰুদ্ধে বক্তব্য দি অহা বাংলাদেশ ক্ৰিকেট ব’ৰ্ড (বিচিবি)ৰ সঞ্চালক এম নাজমুল ইছলামৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ খেলুৱৈসকলে। বৃহস্পতিবাৰে বিয়লিৰ ভিতৰত নাজমুল ইছলামক পদত্যাগ কৰিবলৈ দাবী জনাইছে বাংলাদ
বাংলাদেশ ক্ৰিকেট খেলুৱৈ


ঢাকা, ১৫ জানুৱাৰী (হি.স.)। ভাৰতৰ বিৰুদ্ধে বক্তব্য দি অহা বাংলাদেশ ক্ৰিকেট ব’ৰ্ড (বিচিবি)ৰ সঞ্চালক এম নাজমুল ইছলামৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ খেলুৱৈসকলে। বৃহস্পতিবাৰে বিয়লিৰ ভিতৰত নাজমুল ইছলামক পদত্যাগ কৰিবলৈ দাবী জনাইছে বাংলাদেশী খেলুৱৈসকলে, যদি নাজমুল ইছলামে পদত্যাগ নকৰে তেন্তে সকলো ক্ৰীড়া কাৰ্যকলাপ স্থগিত ৰখাৰ হুংকাৰ দিছে। বাংলাদেশ ক্ৰিকেটাৰ্ছ অৰ্গেনাইজেশ্যন (চিওবি)ৰ সভাপতি মহম্মদ মিথুনে উল্লেখ কৰে যে ৰাষ্ট্ৰীয় ক্ৰিকেটাৰৰ বিষয়ে নাজমুলে কৰা বিতৰ্কিত মন্তব্যৰ প্ৰতিবাদত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

বুধবাৰে বিয়লি ক্ৰিকেটাৰ্ছ ৱেলফেয়াৰ এছ’চিয়েশ্যন অৱ বাংলাদেশে অনুষ্ঠিত কৰা জৰুৰী অনলাইন সংবাদমেলৰ উদ্ধৃতি দি ঢাকা ট্ৰিবিউনে প্ৰকাশ কৰা অনুসৰি খেলুৱৈ প্ৰতিনিধি তথা জ্যেষ্ঠ ক্ৰিকেটাৰ মহম্মদ মিথুনে স্পষ্টভাৱে উল্লেখ কৰিছে যে এম নাজমুল ইছলামৰ বক্তব্য এতিয়া সহনশীলতাৰ বাহিৰত। তেওঁ উল্লেখ কৰে যে বৃহস্পতিবাৰে বিয়লি ১:০০ বজাত অনুষ্ঠিত হ’বলগীয়া বাংলাদেশ প্ৰিমিয়াৰ লীগ (বিপিএল)ৰ খেলখনৰ পূৰ্বে নাজমুল ইছলামে পদত্যাগ কৰিব লাগিব। যদি এনে নহয় তেন্তে সকলো ক্ৰীড়া কাৰ্যকলাপ স্থগিত ৰখা হ’ব।

ইয়াৰ পূৰ্বে মঙলবাৰে বিচিবিৰ সঞ্চালক নাজমুল ইছলামে বিশ্বকাপ সন্দৰ্ভত উল্লেখ কৰে যে যদি বাংলাদেশে আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ত অংশগ্ৰহণ নকৰে তেন্তে ইয়াৰ ফলত ব’ৰ্ডৰ নহয়, কেৱল খেলুৱৈৰহে আৰ্থিক লোকচান হ’ব। তেওঁ উল্লেখ কৰে যে ব’ৰ্ডে এই খেলুৱৈসকলক কোনো ধৰণৰ লোকচানৰ ক্ষতিপূৰণ নিদিয়ে। তেওঁ লগতে কয় যে বাংলাদেশে টি-২০ বিশ্বকাপত অংশ ল’ব নে নহয় সেইটো সিদ্ধান্ত লওঁতে বিচিবিয়ে ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু খেলুৱৈৰ সুৰক্ষাক অগ্ৰাধিকাৰ দিব।

এই বিবৃতিটোক খেলুৱৈসকলৰ মনোবলহীন বুলি অভিহিত কৰি চি ডব্লিউ এবিৰ সভাপতি মহম্মদ মিথুনে কয় যে, ব'ৰ্ডৰ সঞ্চালকৰ কথাই খেলুৱৈসকলক অত্যন্ত অপমানজনক। আমি বাৰে বাৰে মৌন হৈ আছো, কিন্তু এতিয়া সীমা অতিক্ৰম কৰা হৈছে। খেলুৱৈসকলৰ অসন্তুষ্টি কেইবামাহো ধৰি জুৰুলা হৈ আহিছে। ১৫ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া বিপিএলৰ মেচৰ পূৰ্বে যদি নাজমুল ইছলামে পদত্যাগ নকৰে, তেন্তে আমি সমগ্ৰ দেশতে ক্ৰিকেট ক্ৰিকেটৰ কাৰ্য্যকলাপ বয়কট কৰিম।

বাংলাদেশ ক্ৰিকেটত এই সংকটৰ আৰম্ভণি হৈছিল যেতিয়া আই পি এল দল কলকাতা নাইট ৰাইডাৰ্ছে বাংলাদেশী বলাৰ মুস্তাফিজুৰ ৰহমানক মুকলি কৰি দিছিল। ইয়াৰ পিছতে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে টি-২০ বিশ্বকাপ ভাৰতলৈ স্থগিত ৰখাৰ লগতে শ্ৰীলংকালৈ পুনৰ মেচ স্থিৰ কৰিবলৈ অনুৰোধ জনায়। কিন্তু ইমান কম সময়ৰ ভিতৰতে স্থান সলনি কৰিব নোৱাৰিব বুলি উল্লেখ কৰি বাংলাদেশৰ এই দাবী নাকচ কৰে আই চি চিয়ে।

এই বিতৰ্ক সন্দৰ্ভত বাংলাদেশৰ প্ৰাক্তন অধিনায়ক তামিম ইকবালে এনে বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি দায়িত্বশীলভাৱে কাম কৰিবলৈ তেওঁৰ ব’ৰ্ডক পৰামৰ্শ দিয়ে। তেওঁ কয় যে ব’ৰ্ডৰ ৰাজহৰ এক উল্লেখযোগ্য অংশ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ পৰা আহে। ইয়াৰ পিছতে নাজমুলে ফেচবুক পোষ্টত তামিম ইকবালক “ভাৰতীয় এজেণ্ট” বুলি অভিহিত কৰি কয় যে দেশত “আন এজন প্ৰমাণিত ভাৰতীয় এজেণ্টৰ উত্থান হৈছে”।

তামিম ইকবালৰ বিৰুদ্ধে নাজমুলৰ বক্তব্যক তীব্ৰ সমালোচনা কৰে প্ৰাক্তন খেলুৱৈকে ধৰি বাংলাদেশী ক্ৰিকেটাৰে। বাংলাদেশৰ বেগী বলাৰ তাস্কিন আহমেদে কয় যে এনে মন্তব্য বাংলাদেশ ক্ৰিকেটৰ অগ্ৰগতিৰ বাবে ক্ষতিকাৰক। টিম স্পিনাৰ টাইজুল ইছলামে তামিমৰ বিৰুদ্ধে ব্যৱহৃত ভাষাক “সম্পূৰ্ণ অগ্ৰাহ্য” বুলি অভিহিত কৰি ৰাজহুৱাভাৱে ক্ষমাপ্ৰাৰ্থনা আৰু জবাবদিহিতাৰ দাবী জনায়। টেষ্টৰ প্ৰাক্তন অধিনায়ক মমিনুল হকে এই মন্তব্যক দেশৰ সমগ্ৰ ক্ৰিকেট সমাজক অপমান কৰা বুলি অভিহিত কৰে।

কেই ঘণ্টা মানৰ পিছত নজমুলে আন এটা ফেচবুক পোষ্ট জাৰি কৰি দাবী কৰে যে এই মন্তব্য তেওঁৰ ব্যক্তিগত মতামত আৰু আন কোনো ধৰণে লোৱা উচিত নহয়। কিন্তু এই স্পষ্টীকৰণে সমালোচনাক শান্ত কৰা নাছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande