
বৰপেটা, ১৫ জানুৱাৰী (হি.স.): পহিলা মাঘৰ দিনাই ভক্তি ৰসেৰে নিমজ্জিত হৈ পৰিল বজালীৰ ঐতিয্য পূৰ্ণ ভোগেশ্বৰ মন্দিৰ। ৩০০ বছৰ গৰকা বজালীৰ ঐতিয্য পূৰ্ণ ভোগেশ্বৰ বাবাৰ আশীষ বিচাৰি হেজাৰ হেজাৰ ভক্তৰ ভিৰ পৰিলক্ষিত হয়।
প্রতি বছৰে মাঘ মাহৰ ১ তাৰিখৰ পৰা অনুষ্ঠিত হয় ভোগেশ্বৰ মন্দিৰৰ উৎসৱ সপ্তাহ জোৰা উৎসৱ । এই উৎসৱত লক্ষাধিক ভক্তৰ সমাগম হয়।আৰু প্ৰতি গৰাকী ভোগেশ্বৰ বাবাৰ ভক্তই মন্দিৰলৈ আহি গামোচা ৰুমাল আদি বান্ধি মনৰ কামনা কৰে।এই বেলিও আজি মাঘ মাহৰ প্ৰথম দিনটোৰে পৰা আৰম্ভ হৈছে ভোগেশ্বৰ বাবাৰ উৎসৱ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ